ৰঙাপৰা, 10 ফেব্ৰুৱাৰী: বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে চাহ শ্ৰমিক ৰাইজৰ মজুৰি ৩৫১ টকা প্ৰদানৰ দাবীত শেহতীয়াকৈ সৰৱ হৈ পৰিছে আটছা । চৰকাৰে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ হোৱাত চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ছাত্ৰ সংগঠনটো । শোণিতপুৰৰ চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত বুধবাৰে চাহ শ্ৰমিকক ৩৫১ টকা প্ৰদান কৰাৰ দাবীত আটছাৰ তেজপুৰ শাখা তিনি ঘন্টিয়া অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদস্থলীত আটছাৰ সদস্যসকলে বিজেপি চৰকাৰৰ লগতে অসমৰ মুখ্যমন্ত্ৰী-বিত্তমন্ত্ৰীৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
শোণিতপুৰত আটছাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ - ৰঙাপৰা
চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকা প্ৰদানৰ দাবীত শেহতীয়াকৈ সৰৱ হৈ পৰিছে আটছা । চৰকাৰে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ হোৱাত চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ছাত্ৰ সংগঠনটো ।
বিজেপি চৰকাৰে বিগত চাৰে চাৰি বছৰত চাহ শ্ৰমিক ৰাইজক কৰা চৰম প্ৰৱঞ্চনা আৰু প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি আটছাই বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷ ২০১৬ চনত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰঙাপৰাৰ ঠাকুৰবাৰী খেল পথাৰত অনুষ্ঠিত হোৱা দলীয় সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাহ বাগিচাত কৰ্মৰত শ্ৰমিক ৰাইজক দৈনিক হাজিৰা ৩৫১ টকা বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল । উক্ত প্ৰতিশ্ৰুতিত চাহ শ্ৰমিক ৰাইজ উৎফুল্লিত হৈ পৰিছিল যদিও শ্ৰমিক ৰাইজক দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি আটছাই বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।