তেজপুৰ, ৩১ ডিচেম্বৰ : বছৰৰ শেষৰ দিনটোত ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত জি অ' চি-ইন-চি ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল ৰাণা প্ৰতাপ কলিতাক বৰঝাৰৰ লাৱণ্য কমপ্লেক্সত অসমীয়া সামৰিক বিষয়াৰ ভ্ৰাতৃত্ববোধ গোটে আদৰণি জনায় । অৱসৰপ্ৰাপ্ত জি অ' চি-ইন-চি ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বীগৰাকীৰ লগতে নিশা কলিতাক উষ্ম আদৰণি জনায় । অৱসৰৰ পিছত আজি তেওঁক দেশৰ প্ৰতি কৰা বিশিষ্ট সেৱাৰ বাবে তেওঁক সম্বৰ্ধনা জনোৱা হয় ৷ বিষয়াগৰাকীয়ে অসমৰ যুৱক-যুৱতীসকলক সশস্ত্ৰ বাহিনীত যোগদান কৰিবলৈ আহ্বান জনাই এক ভাষণ প্ৰদান কৰে । তেওঁ কয় ," অলিভ গ্ৰীণত চাৰিটা দশক কটোৱাৰ পিছত আজি মই মোৰ ইউনিফৰ্ম ওভতাই দিছো, বহুত গৌৰৱ আৰু কৃতিত্বৰ অনুভূতিৰে । গ্ৰেট ইণ্ডিয়ান আৰ্মীৰ পদাতিক হিচাপে মোক জাতিটোৰ সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে ভগৱানক ধন্যবাদ জনাইছো । মোৰ মনত সততা আৰু আন্তৰিকতা জগাই তোলা মোৰ পিতৃ-মাতৃ আৰু শিক্ষকসকলক ধন্যবাদ জনাইছো ।"
অৱসৰপ্ৰাপ্ত জি অ’ চি ইন চি ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী ৰাণা প্ৰতাপ কলিতাক সম্বৰ্ধনা - ভাৰতীয় সেনা বাহিনী
গ্ৰেট ইণ্ডিয়ান আৰ্মীৰ পদাতিক হিচাপে জাতিটোৰ সেৱা আগবঢ়াই গৌৰৱান্বিত ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত জি অ' চি-ইন-চি ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল ৰাণা প্ৰতাপ কলিতা ।
Published : Dec 31, 2023, 9:44 PM IST
তেওঁ পুনৰ কয়,"মোৰ সকলো উৰ্ধতন বিষয়া, সমনীয়া আৰু অধীনস্থক ধন্যবাদ জনাইছো, যাৰ নিৰ্দেশনা আৰু সমৰ্থন অবিহনে মই সেনা বাহিনীৰ চিডিআৰৰ পদবীলৈ উঠিব নোৱাৰিলোঁহেঁতেন । মোৰ পেছাদাৰী বৃদ্ধিৰ দিশত অৱদানৰ বাবে ৯ KUMAON আৰু মই কমাণ্ড কৰা ১৩ RRৰ সকলো ৰেংকলৈ বিশেষ ধন্যবাদ জনাইছো । দ্বিতীয় ইনিংছত ভৰি দিয়াৰ লগে লগে মই মোৰ সকলো শুভাকাংক্ষী আৰু বন্ধু-বান্ধৱীৰ পৰা পথ প্ৰদৰ্শন আৰু সমৰ্থন বিচাৰি থাকিম । পয়ত্ৰিশ বছৰ ধৰি মোৰ সংগী মিলি আৰু ল'ৰা-ছোৱালী ৰুচি, নিশান্ত আৰু প্ৰেৰণাৰ সহযোগিতা আৰু ত্যাগ অবিহনে এই সকলোবোৰ সম্ভৱ হ'ব নোৱাৰিলেহেঁতেন ।" শিপাৰ সৈতে পুনৰ সংযোগ স্থাপনৰ বাবে গুৱাহাটীত থিতাপি লোৱা বুলি তেওঁ ভাষণ প্ৰদান কৰে । অৱসৰপ্ৰাপ্ত ৰাণা প্ৰতাপ কলিতা পূৰ্বে তৃতীয় কৰ্পছ নাগালেণ্ডত সেনাৰ জেনেৰেল অফিচাৰ কামণ্ডিং হিচাবে কৰ্তব্যৰত আছিল ।
লগতে পঢ়ক:নলবাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাৰ বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন