ৰঙাপৰাত নিৰ্মাণৰ পাঁচ মাহ পাচতে খহিল গড়কাপ্তানি পথ
পুনৰ পথ নিৰ্মাণৰ দাবী স্থানীয় ৰাইজৰ
তেজপুৰ , ৭ মাৰ্চ: ৰাজ্য চৰকাৰে ৰাজ্যৰ গড়কাপ্তানী পথসমূহ উন্নয়ন কৰি যাতায়ত ব্যৱস্থা সুচল কৰি তুলিছে যদিও একাংশ পথৰ নিৰ্মাণ কাৰ্য নিম্নমানৰ হোৱাৰ পাচতেই খহি পৰিছে এইসমূহ পথ । শোণিতপুৰ জিলাৰ ৰঙাপৰাত ভাৰত চৰকাৰ পৰিকল্পনা আঁচনি মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত বিগত ২০১৭ বৰ্ষৰ ১০ অক্টোবৰত ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত ধোকবস্তি পৰা ফুলগুৰি গড়কাপ্তানি পথটি নিৰ্মাণৰ শুভাৰম্ভ হৈছিল । গড়কাপ্তানি বিভাগৰ বিশ্বনাথ চাৰিআলি ৰাজ্যিক পথ সংমণ্ডলৰ অধীনত ১.২৭৭ কিলোমিটাৰ দৈঘ্যৰ পথচোৱা ৭৪ লাখ ৯৩ হাজাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হৈছিল ।