অসম

assam

ETV Bharat / state

বিমান দুৰ্ঘটনাঃ ন্যায়িক তদন্তৰ ঘোষণা বায়ুসেনাৰ - AN-32

বায়ু সেনাৰ তৰফৰ পৰা শ্বহীদ সেনা জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ বায়ুসেনাই ইতিমধ্যে  ১৩ জনৰ মৃত্যু হোৱা কথা ঘোষণা কৰিছে ৷ পাঁচজন যাত্ৰীসহ বিমানখনত আছিল ৮ জন ক্ৰিউ মেম্বাৰ ৷

দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ন্যায়িক তদন্তৰ ঘোষণা বায়ুসেনাৰ

By

Published : Jun 13, 2019, 9:55 PM IST

তেজপুৰ, ১৩ জুন :ভাৰতীয় বায়ু সেনাৰ AN-32 বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা সন্দৰ্ভত ন্যায়িক তদন্ত ঘোষণা ৷ বৃহস্পতিবাৰে এই কথা সদৰী কৰিছে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে ৷

বায়ু সেনাৰ তৰফৰ পৰা শ্বহীদ সেনা জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ বায়ুসেনাই ইতিমধ্যে ১৩ জনৰ মৃত্যু হোৱা কথা ঘোষণা কৰিছে ৷ পাঁচজন যাত্ৰীসহ বিমানখনত আছিল ৮ জন ক্ৰিউ মেম্বাৰ ৷

বৰ্তমানেও ধ্বংসাৱশেষৰ অৱশিষ্ট সমতললৈ উঠাবলৈ সক্ষম হোৱা নাই ৷ মুঠ 15 জনীয়া পৰ্বতাৰোহীৰ উদ্ধাৰকাৰী দলে হেলিকপ্টাৰেৰে বায়ুসেনাৰ বিমান ধ্বংসাৱশেষৰ নিলগত অৱতৰণ কৰাৰ পিছৰে পৰা গ্ৰাউণ্ডৰ পৰা কোনো তথ্য পাবলৈ সক্ষম হোৱা নাই ৷ মাত্ৰ কেইজনমানহে ধ্বংসাৱশেষৰ ঠাইত উপস্থিত হৈছিল বুধবাৰে ৩ বজাত ৷ পৰ্বতাৰোহীৰ ৯ জন বায়ু সেনাৰ ,৪ জন সেনা বাহিনীৰ আৰু ২ জন ৰাজ্যিক প্ৰশাসনৰ লোক ৷ সকলো উপস্থিত হৈ তাত কেম্প পাতি সমগ্ৰ প্ৰস্তুতিৰ বুজ লৈ তথ্য প্ৰেৰণ কৰিছে সেনা, বায়ু সেনা আৰু অৰুণাচল প্ৰদেশৰ প্ৰশাসনলৈ ৷

ABOUT THE AUTHOR

...view details