তেজপুৰ, 8 জুনঃ ৰাজ্য চৰকাৰে কৰ'ণাৰ বাবদ কিমান টকা খৰচ কৰিছে তাৰ হিচাপ বিচাৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ সোমবাৰে তেজপুৰৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কৰ'ণাৰ বাবদ হোৱা খৰচ বিচাৰলে সম্পাদক গৰাকীয়ে ৷ আৰোগ্য নিধিৰো হিচাপ বিচাৰিলে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷
চৰকাৰক কৰ'ণাৰ বাবদ হোৱা খৰচৰ হিচাপ বিচাৰিলে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই
সোমবাৰে তেজপুৰৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত চৰকাৰৰ পৰা কৰ'ণাৰ বাবদ হোৱা খৰচৰ হিচাপ বিচাৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷
press meet
ইয়াৰোপৰি অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে সামাজিক দুৰত্বও মনা নাই বুলি অভিযোগ উত্থাপন কৰিছে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ লগতে কৰ'ণা বিৰোধী যুঁজ খনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ বিফল হৈছে বুলিও মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷