অসম

assam

ETV Bharat / state

"প্ৰয়াস-এটি প্ৰচেষ্টা"ই চতিয়াত বিতৰণ কৰিলে বস্ত্ৰ - ঈদউল ফিতৰ

চতিয়াৰ সিপৰীয়া অঞ্চলৰ শিক্ষিত যুৱক কেইজনে প্ৰতিমাহে নিজ উপাৰ্জনৰ এটা অংশ প্ৰয়াস-এটি প্ৰচেষ্টা নামৰ এটি বেচৰকাৰী সংস্থাত জমা কৰি অঞ্চলটোৰ জনহিতৰ বাবে বিভিন্ন কাম কৰি আহিছে ৷ বৃহস্পতিবাৰেও অঞ্চলটোৰ 1নং আধাভেটি,ভোজমাৰী আদি গাঁৱত শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত বস্ত্ৰ বিতৰণ কৰি ঈদউল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

"প্ৰয়াস-এটি প্ৰচেষ্টা"ই চতিয়াত বিতৰণ কৰিলে বস্ত্ৰ
"প্ৰয়াস-এটি প্ৰচেষ্টা"ই চতিয়াত বিতৰণ কৰিলে বস্ত্ৰ

By

Published : Apr 30, 2021, 10:10 AM IST

চতিয়া, 30এপ্ৰিল:চতিয়াৰ দক্ষিণ অঞ্চলৰ কেইজনমান উদীয়মান যুৱকৰ একক প্ৰচেষ্টাত প্ৰয়াস-এটি প্ৰচেষ্টানামৰ এটি বেচৰকাৰী সংস্থাৰ জন্ম হৈছিল 2019 চনত ৷ চতিয়াৰ সিপৰীয়া অঞ্চলৰ শিক্ষিত যুৱক কেইজনে প্ৰতিমাহে নিজ উপাৰ্জনৰ এটা অংশ সংগঠনৰ পুজিত জমা কৰি আহিছে ৷ সংস্থাটোৰ সদস্যসকলে সংগৃহীত ধনেৰে দীৰ্ঘদিনৰ পৰা অঞ্চলটোৰ জনহিতৰ বাবে বিভিন্ন সময়ত কাম কৰি আহিছে ৷

"প্ৰয়াস-এটি প্ৰচেষ্টা"ই চতিয়াত বিতৰণ কৰিলে বস্ত্ৰ

এইবেলিও সংস্থাটোৱে অঞ্চলটোৰ 1নং আধাভেটি,ভোজমাৰী আদি গাঁৱত শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত বস্ত্ৰ বিতৰণ কৰি ঈদউল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ সংস্থাটোৰ এনে পদক্ষেপক অঞ্চলটোৰ স্থানীয় লোকসকলে শলাগ লোৱাৰ লগতে এনে অনুষ্ঠানে উঠি অহা প্ৰজন্মৰ মাজত ভাতৃত্ববোধ জগাব বুলিও উল্লেখ কৰে ৷

লগতে পঢ়ক: জীৱন মৰাণক লৈ অধিক তথ্য দিয়াৰ পৰা বিৰত আৰক্ষী

ABOUT THE AUTHOR

...view details