ৰঙাপৰা, 16 আগষ্ট:শোণিতপুৰ জিলাৰ ৰঙাপৰাত উত্তপ্ত পৰিস্থিতি । বিগত তিনিদিন ধৰি এগৰাকী কিশোৰী সন্ধানহীন হোৱাক কেন্দ্ৰ কৰি ৰঙাপৰাৰ সমীপৱৰ্তী বৰজুলিত পৰিস্থিতি উত্তপ্ত কৰি তোলে স্থানীয় ৰাইজে । ৰঙাপৰা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ আৰু আত্মৰক্ষাৰ বাবে শূণ্যলৈ তিনিজাইকৈ গুলি চলাবলৈ বাধ্য হয়।
ৰঙাপৰাৰ হাটখোলাৰ নিৱাসী ফাৰুক আহমেদৰ একমাত্ৰ পুত্ৰজনে ৰঙাপৰা বৰজুলি চাহ বাগিচাৰ 17 নং শ্ৰমিক লাইনৰ বাসিন্দা বিক্ৰম দীঘালৰ কন্যা তথা ৰঙাপৰা মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষত অধ্যয়নৰত ছাত্ৰী গৰাকীক পলোৱাই লৈ যায়। এগৰাকী হিন্দু কিশোৰীক এজন মুছলমান ধৰ্মাৱলম্বীৰ কিশোৰে গোপনে পলোৱাই নিয়াৰ ঘটনা বিয়পি পৰাত ক্ষুব্ধ হৈ পৰে অঞ্চলটোৰ ৰাইজ । কিশোৰী তথা ছাত্ৰী গৰাকীক বিচাৰি ফাৰুক আহমেদৰ ঘৰত বিচাৰি যোৱাৰ পাছতেই পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰে।