তেজপুৰ, ১৬ ডিচেম্বৰ :শোণিতপুৰ জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী আৰু মানুহৰ সংঘাত । ৰাজ্যখনৰ ভিতৰতে এই সংঘাত অতি উদ্বেগজনক বুলি অভিহিত কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পত্ৰ প্ৰেৰণ কৰিলে ৰাজ্যৰ আৰ টি আই কৰ্মীয়ে ৷ আৰ টি আই কৰ্মী তথা অৰণ্য সুৰক্ষা সমিতিৰ সদস্য দিলীপ নাথে পত্ৰ প্ৰেৰণ কৰাৰ পিছতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা অসম চৰকাৰৰ মুখ্য সচিব আৰু বন বিভাগলৈও আহিছে পত্ৰ ।
ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা পত্ৰৰ জৰিয়তে বিষয়টো পৰ্যালোচনা কৰি সঠিক উত্তৰ দিয়াৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা । উল্লেখ্য যে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰিজাৰ্ভ ফৰেষ্টৰ অন্তৰ্গত ২৪,০৭২ হেক্টৰ ভূমিত থকা বনাঞ্চলৰ ভিতৰত ২২,০০০ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত আছে আৰু উক্ত ভূমি বসতিস্থললৈ পৰিণত হৈছে ৷ ফলস্বৰূপে সমগ্ৰ জিলাখনত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে ।