তেজপুৰ, ২০ মে': ৰাজ্যৰ জলসম্পদ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Pijush Hazarika) শুকুৰবাৰে তেজপুৰত উপস্থিত হৈ জিলাখনৰ বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়নকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় । শোণিতপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত চতিয়া আৰু ৰঙাপৰাৰ বিধায়কদ্বয় ক্ৰমে পদ্ম হাজৰিকা আৰু কৃষ্ণকমল তাঁতী, উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ লগতে জিলা প্ৰশাসন তথা বিভাগ সমূহৰ উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকে ।
পৰ্যালোচনা সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ (Public health engineering department)ৰ অধীনত চলি থকা জলজীৱন অভিযানৰ (Jal jeevan mission) কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে বাকী থকা কামসমূহ ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰি এই আঁচনিৰ হিতাধিকাৰীসকললৈ নিয়মীয়া পানী যোগান নিশ্চিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে । লগতে এই আঁচনিৰ অধীনত ঠিকা লাভ কৰা যিসকল ঠিকাদাৰে বৰ্তমানলৈকে কাম সম্পূৰ্ণ কৰিব পৰা নাই বা কাম আৰম্ভ কৰা নাই তেনে ঠিকাদাৰক ব্লেকলিষ্ট কৰিবলৈও (Pijush Hazarika against contractors) নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷