অসম

assam

বিশিষ্ট নাট্যকাৰ ঐশ্বৰ্য্য কাকতিলৈ 2020 চনৰ নটসূৰ্য ফণী শৰ্মা বঁটা

By

Published : Jul 29, 2020, 3:26 PM IST

1958 চনৰ পৰাই নাট্য জগতৰ লগত জড়িত হৈ অহা বিশিষ্ট নাট্যকাৰ ঐশ্বৰ্য্য কাকতিক মনোনীত কৰা হৈছে 2020 চনৰ নটসূৰ্য ফণী শৰ্মা বঁটা ৷

বিশিষ্ট নাট্যকাৰ ঐশ্বৰ্য্য কাকতি
বিশিষ্ট নাট্যকাৰ ঐশ্বৰ্য্য কাকতি

তেজপুৰ, 29 জুলাই: নটসূৰ্য ফণী শৰ্মা বঁটাৰে বিভূষিত কৰা হ'ব বিশিষ্ট নাট্যকাৰ তথা লেখক ঐশ্বৰ্য্য কাকতি আৰু ভবেশ বৰুৱাক ৷ আগন্তুক 31 জুলাইত তেজপুৰৰ ঐতিহাসিক বাণ থিয়েটাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট নাট্যকাৰ ঐশ্বৰ্য্য কাকতিক প্ৰদান কৰিব এই বঁটা ৷ 1958 চনৰ পৰাই নাট্য জগতৰ লগত জড়িত হৈ আহিছে ঐশ্বৰ্য্য কাকতি ৷ বৰ্তমানে তেওঁ সকলোৰে মাজত পৰিচিত এগৰাকী পৰিচালক হিচাপে ৷ ১৯৬৯ চনৰ পৰা ১৯৭৭ চনলৈ অভিনয় আৰু তাৰ পাচত দূৰদৰ্শনত তিনিখন নাটক পৰিচালনা কৰে বিশিষ্ট নাট্যকাৰ তথা পৰিচালক গৰাকীয়ে ৷ ইয়াৰোপৰি ২০ খন নাটক ৰচনা আৰু পৰিচালনা কৰাৰ লগতে ভ্ৰাম্যমাণত ৬ খন,জাৰ্মানী,ক্ৰুৱেচিয়া,চুইজাৰলেণ্ড,তুৰ্কী আদিৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় 8 খনকৈ নাটক মঞ্চস্থ কৰি সুনাম কঢ়িয়াই আনিছে বিশিষ্ট ব্যক্তিগৰাকীয়ে ৷

বিশিষ্ট নাট্যকাৰ ঐশ্বৰ্য্য কাকতিলৈ 2020 চনৰ নটসূৰ্য ফণী শৰ্মা বঁটা

এই বঁটাৰ বাবে মনোনীত হৈ উৎফুল্লিত হৈ পৰিছে বিশিষ্ট শিল্পী গৰাকী ৷ তেওঁৰ দীৰ্ঘদিনীয়া কৰ্মৰাজীৰ বাবে পোৱা এই স্বীকৃতিত তেওঁ আনন্দিত ৷ তেওঁ এই বঁটাক তেওঁৰ দীৰ্ঘদিনীয়া কৰ্মৰ স্বীকৃতি বুলি উল্লেখ কৰে সংবাদ মাধ্যমযোগে ৷ লগতে সমগ্ৰ অসমবাসীৰ আন্তৰিকতা এই বঁটাৰ মাজত নিহিত হৈ আছে বুলিও উল্লেখ কৰে তেওঁ ৷ নাট্যকাৰ গৰাকীয়ে সংবাদ মাধ্যমযোগে কয় যে,এখন নাটক লিখোতে তাত জীৱনশৈলী এটা ফুটি উঠাতো বাঞ্চনীয় ৷ যাৰ অভাৱত বহু সময়ত বহু নাটক আধৰুৱা যেন পৰিলক্ষিত হয় ৷ তেওঁ সকলো নাট্যকাৰক উদ্দেশ্যি কয়, এখন নাটকত নাট্যকাৰে বিষয়বস্তু আৰু সেইসমূহ কেনেদৰে সঠিক ৰূপত ফুটাই তুলিব পাৰি তেনে বিষয়সমূহত গুৰুত্ব প্ৰদান কৰিব লাগে ৷ লক ডাউনৰ ফলত অসম আৰু অন্যান্য ঠাইত নাটক আৰু বোলছবি জগতত যথেষ্ট পৰিমাণে আহুকালৰ সৃষ্টি কৰিছে । চৰকাৰে এই সংস্কৃতিৰ ক্ষেত্ৰ খনৰ বাবে চিন্তা কৰা প্ৰয়োজন আছে বুলিও কয় বিশিষ্ট নাট্যকাৰ গৰাকীয়ে ৷

লগতে পঢ়ক:গামোচাত জিলিকিছে সৰ্বা-হিমন্ত

ABOUT THE AUTHOR

...view details