ৰঙাপৰা, 23 জুন : ৰাজ্যত ক্ৰমাৎ অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ'ণা মহামাৰীয়ে । লক ডাউন শিথিল কৰাৰ পিছৰে পৰা কৰ'ণা সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে। কৰ'ণাৰ সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰাৰ সময়তো ৰঙাপৰাৰ একাংশ ব্যক্তি এতিয়াও সজাগ আৰু সচেতন হোৱা নাই । ৰঙাপৰাৰ ৩ নং ৱাৰ্ডত মংগলবাৰে এক অবাঞ্চিত ঘটনা সংঘটিত হোৱাত অঞ্চলটোত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয়।
ৰঙাপৰাৰ ৩ নং ৱাৰ্ডৰ নিৱাসী পুৰুষোত্তম আগৰৱালাৰ কন্যাৰ দেহৰ পৰা তিনিজনৰ দেহলৈ ক'ভিড-১৯ সংক্ৰমণ হোৱা বুলি ধাৰণা কৰাৰ পিছত জিলা প্ৰশাসনে উক্ত এলেকাটো কণ্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছিল ৷ কণ্টেইনমেন্ট জ’নৰ ভিতৰতে হোম কোৱাৰেন্টাইন হৈ থকা এটি পৰিয়ালে প্ৰশাসনৰ নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি কণ্টেইনমেন্ট জ’নৰ বাঁহৰ বেৰিকেড ভাঙি গোপনে পলায়ন কৰে ৷ পৰিয়ালটোৱে গোপনে কণ্টেইনমেন্ট জ’নৰ পৰা ওলাই যোৱাত ৰাইজৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয়।