চতিয়া, ৭ অক্টোবৰ: কৰ'ণাত আক্ৰান্ত হৈ অক্সিজেনৰ অভাৱত হাৰাশাস্তি ভুগিবলগীয়া ৰোগীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে 'এ এন ড্ৰাগ ডিষ্ট্ৰিবিটৰচে'। জামুগুৰি প্ৰাথমিক চিকিৎসালয়ত ১০টা অক্সিজেন গেছৰ চিলিণ্ডাৰ বিনামূলীয়াকৈ যোগান ধৰে গুৱাহাটীৰ পাণবজাৰস্থিত ঔষধ বিক্ৰেতা প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী আৰমান আলীয়ে। কৰ'ণাত আক্ৰান্ত লোকৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ প্ৰায় ২ লাখ টকা মূল্যৰ এই অক্সিজেন চিলিণ্ডাৰসমূহ যোগান ধৰা হৈছে।
সমাজসেৱাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈ অহা অৰমান আলী শোণিতপুৰ জিলাৰ চতিয়াৰ ধলাইবিলৰ চামধৰা পানীগাঁৱৰ বাসিন্দা। উত্তৰ জামুগুৰি প্ৰাথমিক চিকিৎসালয় কৰ্তৃপক্ষক বুধবাৰে অৰ্পণ কৰা অক্সিজেন চিলিণ্ডাৰবোৰ তেওঁ প্ৰয়াত পিতৃ-মাতৃ ৰমজান আলী আৰু হবিবন নেছাৰ সোঁৱৰণত উচৰ্গা কৰে। কৰ'ণাত আক্ৰান্ত হৈ বহু ৰোগী চিকিৎসাধীন হৈছে যদিও অক্সিজেনৰ অভাৱৰ বাবেই কৰুণ মৃত্যুকো সাৱতিবলগীয়া হৈছে। সেয়ে,সমাজকৰ্মীগৰাকীয়ে অঞ্চলটোৰ দৰিদ্ৰ লোকসকলক চিকিৎসা বিভাগে প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদানত সহায়ক হোৱাকৈ এই অক্সিজেন গেছৰ চিলিণ্ডাৰবোৰ বিনামূলীয়াকৈ যোগান ধৰিছে ৷