অসম

assam

ETV Bharat / state

অবৈধ বেদখলকাৰীৰ কবলত ওৰাং ৰাষ্ট্ৰীয় উদ্যান - tezpur news

ওৰাং ৰাষ্ট্ৰীয় উদ্যান (Orang National Park)ত উন্মুক্ত ভূমি বেদখল একাংশ দুস্কৃতিকাৰীৰ ৷ খৈৰাশালী কেম্প (Khairasali Camp), বৰছলা আদিত চলিছে এই অবৈধ বেদখল (Illegal Eviction) কাৰ্য ৷ ইয়াকে লৈ শংকিত হৈ পৰিছে স্থানীয় দল-সংগঠন ৷

illegal encroachment at orang national park
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অবৈধ বেদখল

By

Published : Jul 19, 2021, 6:54 PM IST

তেজপুৰ, 19 জুলাই : ওৰাং ৰাষ্ট্ৰীয় উদ্যান (Orang National Park)ৰ ভূমিত চলিছে অবৈধ ভূমি বেদখল (Illegal Encroachment) কাৰ্য । অবৈধ বেদখলে এতিয়া চৰম ভাবুকি কঢ়িয়াই আনিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ । অভিযোগ অনুসৰি, একাংশ সন্দেহজনক লোকে গাঁও পাতি লৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বিস্তীৰ্ণ ভূমিত । ৰাষ্ট্ৰীয় উদ্যানখনৰ সীমান্ত অঞ্চলৰ খৈৰাশালী কেম্প (Khairasali Camp)ৰ কাষত চলিছে এই অবৈধ ভূমি বেদখল কাৰ্য ৷ ইয়াৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ উত্তৰ সীমান্তত শোণিতপুৰ জিলাৰ বৰছলাত এই অবৈধ ভূমি বেদখল চলা বুলি জানিব পৰা গৈছে ৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ উন্মুক্ত ভূমিত সৰু সৰু জুপুৰি সাজি বাস কৰিবলৈ লৈছে বেদখলকাৰীসকলে ৷ ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৰ ফেঞ্চিং বেৰ আৰু বেৰৰ কেইফুটমান দূৰত্বত সৰু সৰু জুপুৰীত একাংশ লোকৰ বাসস্থান পৰিলক্ষিত হৈছে । ক্ৰমাৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ সীমান্ত অঞ্চলৰ উন্মুক্ত ভূমিত জনবসতি বৃদ্ধি পাইছে । ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৰ উন্মুক্ত ভূমিত অবাধ বেদখল হোৱাত চিন্তিত হৈ পৰিছে দল-সংগঠনসমূহ ।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অবৈধ বেদখল

অতি কম দিনৰ ভিতৰতে ৰাষ্ট্ৰীয় উদ্যানৰ ভূমিত জনবসতি বৃদ্ধি পোৱাৰ বাবে শংকিত হৈ পৰিছে স্থানীয় দল-সংগঠনসমূহ । ৰাষ্ট্ৰীয় উদ্যানখনৰ ভূমিত অবাধ বেদখল হোৱাত ৰাষ্ট্ৰীয় উদ্যানখনলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে । ওৰাং ৰাষ্ট্ৰীয় উদ্যান এতিয়া যেন পৰিণত হৈছে একাংশ সন্দেহজনক লোকৰ গৰু-ম’হৰ চৰণীয়া পথাৰলৈ ৷

কিয়নো ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকলে গৰু-ম’হৰ চৰণীয়া পথাৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভূমি দখল কৰি লৈছে । অবৈধ বেদখলকাৰীসকলে আনকি ৰাষ্ট্ৰীয় উদ্যানখনৰ সীমান্ত অঞ্চলত লগোৱা ফেঞ্চিং লগোৱাত বাধা দিছে বন বিভাগ আৰু উদ্যান কৰ্তৃপক্ষক । যাৰ ফলত ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্তৰ এইসমূহ অঞ্চল আজিও উন্মুক্ত হৈয়েই আছে । উদ্যানৰ সীমান্তত ফেঞ্চিঙৰ বাবে পুতি থোৱা খুঁটাসমূহ কোনো কাম নোহোৱাকৈ পৰি ৰৈছে ।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অবৈধ বেদখল

অবৈধ বেদখল কাৰ্য সংঘটিত হোৱাৰ পাচতো ৰাষ্ট্ৰীয় উদ্যানখন বেদখল মুক্ত কৰাৰ বাবে বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে । বিধানসভাত উত্থাপিত বাজেটত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধি কৰাৰ কথা কোৱা হৈছে ৷ কিন্তু ৰাষ্ট্ৰীয় উদ্যানৰ ভূমি এতিয়া একাংশ সন্দেহজনক বেদখলকাৰীৰ কবলত ।

যিটো সময়ত চৰকাৰখনে চৰকাৰী ভূমি বেদখল মুক্ত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে, তেনে সময়তে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভূমি বেদখলকাৰীৰ কবলত পৰা দেখা গৈছে । বেদখলকাৰীয়ে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনলৈ ভাবুকি কঢ়িয়াই অনাৰ আশংকা প্ৰকাশ কৰিছে দল-সংগঠনসমূহে ৷

লগতে পঢ়ক :No disease No depression: সম্পূৰ্ণ সুস্থ 125 বছৰীয়া বাবা

ABOUT THE AUTHOR

...view details