চতিয়া, 8 জুনঃ জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰী নিলাক্ষী বৰাই, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত আটাইকেইটা বিষয়তে লেটাৰসহ 87.8 শতাংশ নম্বৰেৰে ডিষ্টিংশ্যন পাই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ৷
আৰ্থিক দীনতাৰ মাজতো উজলিল জামুগুৰিহাটৰ নিলাক্ষী - হাইস্কুল শিক্ষান্ত পৰীক্ষা
প্ৰবল ইচ্ছা শক্তি থাকিলে দৰিদ্ৰতা কেতিয়াও যিকোনো কামত হেঙাৰ হ'ব নোৱাৰে ৷ তাকেই যেন প্ৰমাণ কৰি দেখুৱালে শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ মৰনাকুৰি গাঁৱৰ মেধাৱী ছাত্ৰী নিলাক্ষী বৰাই ।
nilakshi borah from jamuguri secured distinction in hslc exam 2020
ছাগলী পালন আৰু বিক্ৰী কৰা পৰিয়াল পোহপাল দিয়াৰ লগতে, ছাত্ৰী গৰাকীৰ পিতৃয়ে বহু কষ্টৰে পঢ়োৱা নিজ জীয়ৰীৰ সফলতাত গৌৰৱাম্বিত হোৱাৰ লগতে, বিদ্যালয় কৰ্তৃপক্ষও নিলাক্ষীৰ সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে ৷
লগতে পঢ়কঃদৰিদ্ৰতাক নেওচি সৰ্বোচ্চ নম্বৰেৰে শীৰ্ষত বৰ্ণালী দেৱী