ৰঙাপৰা, 3 জুন: শোণিতপুৰ জিলাৰ মিছামাৰীত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড । অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে এগৰাকী মহিলাক ৷ উক্ত ঘটনাই সমগ্ৰ অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি,সোণাই-ৰূপাই অভয়াৰণ্যখনৰ সমীপৰ বগীজুলি আৰু বিজয়নগৰ গাঁও সংযোগী পথৰ কাষত বুধবাৰে পুৱা উদ্ধাৰ হয় তিলেশ্বৰী মুৰা নামৰ ৫১ বছৰীয়া মহিলাগৰাকীৰ মৃতদেহ ৷ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত বনগাঁৱত সংঘটিত হত্যাকাণ্ডটোৰ বলি হোৱা মহিলাগৰাকীৰ মৃতদেহটো পথৰ দাঁতিত প্ৰত্যক্ষ কৰে একাংশ স্থানীয় ৰাইজে ।
পথৰ দাঁতিত উদ্ধাৰ মহিলাৰ মৃতদেহ - Murder of a women at rangapara sonitpur assam etv bharat news
শোণিতপুৰৰ মিছামাৰীত হত্যাকাণ্ডৰ বলি হৈছে এগৰাকী মহিলা ৷ পথৰ দাঁতিত উদ্ধাৰ হোৱা মহিলাগৰাকীৰ মৃতদেহক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে এয়া এক ধৰ্ষণজনিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে ৷
ইফালে খবৰ পোৱা মাত্ৰকে মিছামাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জয়শংকৰ ওৱাৰী আৰু ঠেলামৰা ৰাজহ চক্ৰ বিষয়া অৰূন্ধতী নিপুম ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ উল্লেখ্য যে,মহিলা গৰাকীয়ে মঙলবাৰে গাঁৱত অনুষ্ঠিত ৰাজহুৱা পূজাস্থলীৰ পৰা একাংশ মহিলাৰ সৈতে ঘৰলৈ আহি আছিল । বুধবাৰে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা অৱস্থালৈ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে মহিলাগৰাকী ধৰ্ষণৰ বলি হৈ মৃত্যুক সাৱটি লোৱা বুলি অনুমান কৰিছে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷
লগতে চাওকঃআগন্তুক বিধানসভা নিৰ্বাচনলৈ সাজু অগপ