অসম

assam

ETV Bharat / state

COVID-19ত আক্ৰান্ত তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী - তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী

COVID-19ত আক্ৰান্ত তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী ৷ বিধায়ক গৰাকীৰ লগতে তেওঁৰ পত্নী লাবণ্য হাজৰিকা গোস্বামী, ৰান্ধনি হেমন্ত শইকীয়া আৰু গাড়ী চালক নৃপেন বড়োৰ দেহতো পোৱা গৈছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷

বৃন্দাবন গোস্বামী
বৃন্দাবন গোস্বামী

By

Published : Sep 3, 2020, 9:06 PM IST

তেজপুৰ, 3 চেপ্তেম্বৰ: তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ দেহত ধৰা পৰিছে COVID-19 ৰ অৱস্থিতি ৷ বিধায়ক গৰাকীৰ লগতে তেওঁৰ পত্নী লাবণ্য হাজৰিকা গোস্বামী, ৰান্ধনি হেমন্ত শইকীয়া আৰু গাড়ী চালক নৃপেন বড়োৰ দেহতো পোৱা গৈছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷ সম্প্ৰতি তেজপুৰৰ ঊষা নগৰস্থিত বাসগৃহত কোৱাৰেণ্টাইন হৈ আছে তেওঁলোক ৷ শুকুৰবাৰে তেওঁলোকক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হ'ব গুৱাহাটীলৈ ৷ উল্লেখ্য যে, বিধায়ক গৰাকীয়ে কিছু শাৰীৰিক অসুস্থতা অনুভৱ কৰাৰ পাচত তেওঁৰ ঘৰতে স্বাস্থ্য কৰ্মীৰ দলে আহি তেওঁৰ ৰেপিড এণ্টিজেন পৰীক্ষা কৰাইছিল ৷ তাৰ পাচতেই তেওঁৰ লগতে আন কেইগৰাকী লোকৰ দেহতো ধৰা পৰে COVID-19 ৰ অৱস্থিতি ৷

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ টুইটযোগে উল্লেখ কৰে অনুসৰি, বৃহস্পতিবাৰলৈ সমগ্ৰ ৰাজ্যতে COVID আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পায় মুঠ 115279 গৰাকী লোকলৈ ৷ ইয়াৰ বিপৰীতে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় 323 গৰাকী লোকলৈ ৷ বৰ্তমানেও ৰাজ্যত 26277 গৰাকী সক্ৰিয় ৰোগী থকাৰ লগতে, 88726 গৰাকী লোকে এই মহামাৰীৰ কবলৰ পৰা অব্যাহতি লাভ কৰিছে ৷

লগতে পঢ়ক:সাংবাদিক আক্ৰমণৰ বিৰুদ্ধে সৰৱ কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি

For All Latest Updates

ABOUT THE AUTHOR

...view details