অসম

assam

ETV Bharat / state

বিশেষ ভাৱে সক্ষম এজন যুৱকৰ জীৱন সংগ্ৰাম - জোনাৰাম ওৰাং

পেঙৰ সহায়ত চাইকেলৰ পেডেল মাৰি গাঁৱে গাঁৱে শাক-পাছলি বিক্ৰী জীৱন সংগ্ৰাম ৷

struggl life story rangapara junaram urang
জোনাৰাম ওৰাঙৰ জীৱন সংগ্ৰাম

By

Published : May 20, 2020, 6:03 PM IST

ৰঙাপৰা,20মেঃ জীৱনৰ যুঁজত এজন বিশেষ ভাৱে সক্ষম যুৱক কেতিয়াও হতাশ হোৱা নাই, তেওঁ মনত পুহি থৈছে প্ৰবল ইচ্ছা শক্তি। সেই বাবেই হয়তো শাৰিৰীক বাধাক নেউচি যুৱকজনে জীৱন সংগ্ৰামত নামি পৰিছে। জীৱন মানেইতো সংগ্ৰাম ৷ তাকেই সৰোগত কৰি এগৰাকী শাৰিৰীক ভাবে সক্ষম যুৱকে পেটৰ তাড়নাত এডাল পেঙৰ সহায়ত চাইকেলৰ পেডেল মাৰি মাৰি অব্যাহত ৰাখিছে জীৱন সংগ্ৰাম যুৱকজনৰ নাম জোনাৰাম ওৰাং।

জোনাৰাম ওৰাঙৰ জীৱন সংগ্ৰাম

শোণিতপুৰ জিলাৰ মিছামাৰীৰ কঠালগুৰিত। জন্মলগ্নৰ পৰাই শাৰীৰিক ভাবে সক্ষম জোনাৰামে কিন্তু কেতিয়া হাৰ মনা নাই জীৱন যুঁজত ৷ অতি দৰিদ্ৰ পৰিয়ালৰ জোনাৰামে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ উৎস। বিশেষ ভাবে সক্ষম হ’লেও কিন্তু জোনাৰামে কোনো দিনে হতাশ হোৱা নাই ৷ সেই বাবেই হয়তো জোনাৰাম ওৰাঙে শাক-পাছলি আদিকে ধৰি বিভিন্ন সামগ্ৰী লৈ এডাল পেঙৰ সহায়ত চাইকেলৰ পেডেল মাৰি অঞ্চলটোৰ অলিয়ে-গলিয়ে ঘূৰি বিক্ৰী কৰি পৰিয়ালটোক পোহপাল দি আহিছে।

জোনাৰাম ওৰাঙৰ জীৱন সংগ্ৰাম

এই গৰাকী শাৰিৰীক ভাবে সক্ষম যুৱকজনে লক ভাউনৰ মাজতো জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে। জীৱন যুঁজত কাহিনীও হাৰ নমনা মিছামাৰীৰ কঠালগুৰি গাঁৱৰ জোনাৰাম ওৰাঙে এনেদৰেই পুৱা-গধুলি দুটা সময়ত চাইকেলত শাক-পাচলিৰ মোনা লৈ উঠাই পেঙৰ সহায়ত চাইকেলৰ পেডেল মাৰি বস্তু বিক্ৰী কৰি আহিছে। বিশেষকৈ লক ডাউনৰ প্ৰভাৱ পৰাৰ পিছত বিভিন্ন ঠাইত দুখীয়া দৰিদ্ৰ লোকসকলে বিভিন্ন পন্থাৰে জীৱনৰ সংগ্ৰাম চলোৱাৰ সময়ত শাৰিৰীক ভাবে সক্ষম এইজন যুৱকে ঘৰতে আৱদ্ধ হৈ নাথাকি পেটৰ তাড়নাত এডাল পেঙৰ সহায়ত চাইকেল চলাই শাক পাছলি বিক্ৰী কৰি আহিছে। ৰাজ্য চৰকাৰৰ পৰা উপযুক্ত সহায় লাভ কৰিলে এইগৰাকী যুৱকে কৰি অহা কঠোৰ পৰিশ্ৰমে নিবনুৱা সকলৰ প্ৰতি আদৰ্শ দাঙি ধৰাৰ লগতে প্ৰেৰনা যোগাব।

লগতে পঢ়কঃ স্বাস্থ্য বিভাগৰ 69টা পদৰ বিপৰীতে 1000 ৰো অধিক প্ৰাৰ্থী !

ABOUT THE AUTHOR

...view details