অসম

assam

By

Published : May 8, 2019, 9:10 AM IST

Updated : May 8, 2019, 9:26 AM IST

ETV Bharat / state

গহপুৰত শিহৰণকাৰী ঘটনা! পাঁচ বছৰীয়া শিশুৰ চকুত সোমাল কেঁচী

চৌহদত ওচৰ-চুবুৰীয়া কেইটিমান শিশুৰ সৈতে কৰ্মকাৰৰ 5 বছৰীয়া পুত্ৰ আকাশ কৰ্মকাৰে খেলি আছিল ৷ তেনে সময়তে আন এটি অবুজ শিশুৱে এখন কেঁচী আকাশ কৰ্মকাৰৰ সোঁ চকুত ভৰাই দিয়ে ৷ গুৰতৰভাৱে আঘাতপ্ৰাপ্ত শিশুটিক পৰিয়ালৰ লোকে ততাতয়াকৈ বিশ্বনাথ চাৰিআলিৰ চকু চিকিৎসালয় নেত্ৰালয়লৈ লৈ যায় ৷

5 বছৰীয়া শিশুৰ চকুত কেচি !

তেজপুৰ , 08 মে' : বিশ্বনাথ জিলাৰ গহপুৰৰ টকৌবাৰী গাঁৱত মঙলবাৰে সংঘটিত হয় একদুৰ্ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ খেলি থকা অৱস্থাত এটি 5 বছৰীয়া শিশুৰ চকুত সোমাল কেঁচী ৷

গহপুৰ টকৌবাৰী নিবাসী নকুল কৰ্মকাৰৰ বাসগৃহৰ চৌহদত ওচৰ-চুবুৰীয়া কেইটিমান শিশুৰ সৈতে কৰ্মকাৰৰ 5 বছৰীয়া পুত্ৰ আকাশ কৰ্মকাৰে খেলি আছিল ৷ তেনে সময়তে আন এটি অবুজ শিশুৱে এখন কেঁচী আকাশ কৰ্মকাৰৰ সোঁ চকুত ভৰাই দিয়ে ৷ গুৰতৰভাৱে আঘাতপ্ৰাপ্ত শিশুটিক পৰিয়ালৰ লোকে ততাতয়াকৈ বিশ্বনাথ চাৰিআলিৰ চকু চিকিৎসালয় নেত্ৰালয়লৈ লৈ যায় ৷ নেত্ৰালয়ৰ চিকিৎসক ডা:নৱকিশোৰ বৰাৰ তত্বাৱধানত শিশুটিৰ চকুৰ পৰা সুকলমে কেঁচীখন উলিওৱা হয় যদিও শিশুটিৰ চকুটিৰ ক্ষেত্ৰত যথেষ্ট উন্নত চিকিৎসাৰ প্ৰয়োজন আছে বুলি চিকিৎসকে পৰিয়ালৰ লোকক জনায় ৷

Last Updated : May 8, 2019, 9:26 AM IST

ABOUT THE AUTHOR

...view details