তেজপুৰ, 25 মে': দেশৰ লগতে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ যাৰ বাবে অধিক তৎপৰ হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰীৰ লগতে আন আন মন্ত্ৰীসকল ৷ সোমবাৰে জ’নেল স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ পৰিদৰ্শন কৰাৰ উদ্দেশ্যে তেজপুৰ বিশ্ববিদ্যালয় প্ৰাঙ্গনত উপস্থিত হয় হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্ত ৷
কেন্দ্ৰটোত উপস্থিত হৈ তাত নিয়োজিত বিভিন্ন চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলৰ লগত মত-বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে ৷ কৰ্মীসকলক স্বাস্থ্য পৰীক্ষা কৰাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় মন্ত্ৰী ৰঞ্জিত দত্তই ৷ ইয়াৰ উপৰিও মন্ত্ৰীগৰাকীয়ে শোণিতপুৰৰ উপায়ুক্তগৰাকীৰ পৰা জিলাখনৰ বিভিন্ন বিধানসভা সমষ্টিত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰসমূহৰ কামৰ অগ্ৰগতিৰ বুজ লয় ৷ লগতে এই কোৱাৰেন্টাইন কেন্দ্ৰসমূহ অতি সোনকালে কাৰ্যক্ষম কৰি তুলিবলৈ নিৰ্দেশ দিয়ে ।