অসম

assam

ETV Bharat / state

ক’ভিড নিয়ন্ত্ৰণৰ বাবে Flag March কৰিব সেনাই - বিধায়ক পদ্ম হাজৰিকা

ক’ভিড বিধি উলংঘা কৰা লোকৰ বিৰুদ্ধে অধিক কঠোৰ হ’ব প্ৰশাসন ৷ শুকুৰবাৰে, জামুগুৰিহাটত ক’ভিড বিধি(covid protocol) উলংঘাকাৰী সকলৰ বিৰুদ্ধে কঠোৰ হ’বলৈ প্ৰশাসনক আহ্বান জনোৱাৰ লগতে প্ৰয়োজনত সেনাৰ ফ্লেগমাৰ্চ(army flag march) কৰাৰো নিৰ্দেশ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

minister pizush hazarika opts army flag march to control covid spread
ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰৰ বাবে সেনাৰ ফ্লেগমাৰ্চৰ নিৰ্দেশ মন্ত্ৰী পিযুষৰ

By

Published : Jul 9, 2021, 10:12 PM IST

চতিয়া, ৯ জুলাই : ক’ভিডে ভয়ংকৰ ৰূপ লোৱা শোণিতপুৰ জিলাৰ জামুগুৰিহাটত শুকুৰবাৰে সেনাবাহিনীৰ দলে তহল দিব লগীয়া পৰিৱেশ সৃষ্টি হয় ৷ জিলাখনত সম্পূৰ্ণ সান্ধ্য আইন বাহাল থকাৰ পিছতো একাংশ অসচেতন লোকে ক’ভিড বিধি উলংঘা কৰাৰ বাবেই গ্ৰামাঞ্চললৈকে সংক্ৰমণ বৃদ্ধি পাইছে ৷ যাৰ পৰিপ্ৰেক্ষিতত সেনাবাহিনীৰ জোৱান মোতায়েন কৰি কঠোৰ হ’বলৈ বাধ্য হৈছে প্ৰশাসন ৷

আনহাতে, শুকুৰবাৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা(Pizush Hazarika)ই জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাত উপস্থিত হৈ জিলাখনৰ লগতে জামুগুৰিহাটৰ ক’ভিড পৰিস্থিতিৰ ওপৰত এক পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰে । এই বৈঠকত স্থানীয় বিধায়ক পদ্ম হাজৰিকা, বহু কেইটা বিভাগৰ প্ৰধান সচিৱ ৰাজেশ প্ৰসাদ, শোণিতপুৰ জিলাৰ উপায়ুক্ত, শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক আদি কৰ্তৃত্বশীল লোক সকল উপস্থিত থাকে ৷

ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰৰ বাবে সেনাৰ ফ্লেগমাৰ্চৰ নিৰ্দেশ মন্ত্ৰী পিযুষৰ

ইয়াৰ লগতে, স্থানীয় প্ৰশাসনৰ বিষয়ববীয়া সকলৰ মাজত অনুষ্ঠিত হোৱা সভাত ক’ভিড বিধি(covid protocol) উলংঘাকাৰী সকলৰ বিৰুদ্ধে কঠোৰ হ’বলৈ প্ৰশাসনক আহ্বান জনোৱাৰ লগতে প্ৰয়োজনত সেনাৰ ফ্লেগমাৰ্চ(army flag march) কৰাৰো নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

ইয়াৰোপৰি, ক’ভিড সৃষ্ট পৰিবেশৰ সময়ছোৱাত অঞ্চলটোৰ বিভিন্ন প্ৰান্তত অৰুণাচলী মদৰ লগতে চুলাই মদৰ বেপাৰীৰ বিৰুদ্ধেও আৰক্ষী প্ৰশাসনক(police administration)ক কঠোৰ হ’বলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীজনে ৷ লগতে, মন্ত্ৰীগৰাকীয়ে সকলোকে ক’ভিড বিধি মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে সান্ধ্যভ্ৰমণ আৰু প্ৰাতঃভ্ৰমণৰ পৰা ৰাইজক আঁতৰি থাকিবলৈও আহ্বান জনায় ৷ বৃহত্তৰ জামুগুৰিহাটত বৰ্তমানলৈকে ডেৰ হাজাৰ লোকৰো অধিক লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ লগতে দহ জনকৈ লোকে কৰুণ মৃত্যুক আঁকোৱালি ল’বলগীয়া হোৱাৰ পাৰিপ্ৰক্ষিতত বিধায়ক পদ্ম হাজৰিকায়ো ৰাইজক সাৱধানতা অৱলম্বনৰ অনুৰোধ জনায় ৷

লগতে পঢ়ক :আছুৰ ক’লা দিনত সাংগঠনিক শ্বহীদক শ্ৰদ্ধাঞ্জলি

ABOUT THE AUTHOR

...view details