তেজপুৰ, ৭ আগষ্ট :লাভ-জেহাদকলৈ ৰাজ্যত সৰ্বতে চৰ্চিত হৈ থকা সময়তে শোণিতপুৰ জিলাত পোহৰলৈ আহিছে এক নাৰকীয় ঘটনা । প্ৰায় 6 দিন ধৰি এগৰাকী বোৱাৰীক উপৰ্যুপৰি ধৰ্ষণ কৰাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ ইয়াৰ পিচতে লম্পটটোৱে মহিলাগৰাকীক ব্লেকমেইল কৰাৰ পিচতে মহিলাগৰাকীয়ে উপায়হীন হৈ আৰক্ষীৰ কাষ চাপিছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি ভুক্তভোগী মহিলাগৰাকীৰ স্বামী পেছাত এজন টেম্প' চালক , সেই সূত্ৰে চিনাকী মেকানিক জনৈক ৰফিকুলৰ সঘন অহাযোৱা চলিছিল ভুক্তভোগী মহিলাগৰাকীৰ ঘৰলৈ ৷ স্বামী নথকাৰ সুযোগ লৈ এদিন ৰফিকুলে মহিলাগৰাকীয়ে ঘৰত গা-ধোৱাৰ দৃশ্য গোপনে মোবাইলত বন্দী কৰি মহিলাগৰাকীক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰিছিল ৷ তাৰ পিচতে সেই ভিডিঅ’ ভাইৰেল কৰাৰ ধমকি দি মহিলাগৰাকীৰ পৰা ধন সৰকাইছিল মেকানিক ৰফিকুলে ৷ এনেদৰে কিছুদিন অতিক্ৰম কৰাৰ পিচতে যোৱা ৩ জুলাইত মহিলাগৰাকীক অপহৰণ কৰে ৰফিকুলে ৷
ৰফিকুলে নিৰ্জন ঠাইত ৰাখি ধৰ্ষণ কৰাৰ লগতে মাৰপিটো কৰিছিল ৷ ইয়াৰ মাজতে চেগ বুজি পলায়ন কৰিছিল মহিলাগৰাকীয়ে ৷ কিন্তু ৰফিকুলে মহিলাগৰাকীক আদবাটতে পাই কৌশলেৰে তাৰ ঘৰলৈ নি ৰাখিব বিচাৰিছিল ৷ ৰফিকুলৰ ঘৰত মহিলাগৰাকীক জোৰ জুলুমকৈ গো-মাংস খুৱাবলৈ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে ৷
ইয়াৰ মাজতে সুযোগ বুজি মহিলাগৰাকীয়ে স্বামীক ফোনযোগে সমস্ত কথা জনায় আৰু পৰৱৰ্তী সময়ত স্বামীৰ সহযোগত মহিলাগৰাকীক উদ্ধাৰ কৰা হয় ৷