অসম

assam

ETV Bharat / state

Shot dead in Tezpur: ভাতৃহন্তা অচিন্তৰ মনত নাই লেশমানো অনুশোচনা; হাঁহি হাঁহি কৰিলে দুখ প্ৰকাশ ! - man arrested on accused of killing brother

নিজ ভাতৃক হত্যা কৰি অনুতপ্তহীন জ্যেষ্ঠ ভাতৃ ৷ আৰক্ষীৰ অভিযানত অচিন্তৰ বাসগৃহৰ পৰা সজীৱ গুলী, পিষ্টল, ৰাইফলৰ লগতে কেইবাখনো চোকা অস্ত্ৰ উদ্ধাৰ কৰা হয় (Deadly weapons recovered) ৷

Younger brother Murderer arrested in Tezpur
ভাতৃক হত্যা কৰি মই অনুতপ্ত - অচিন্ত দাস

By

Published : Mar 9, 2023, 9:37 PM IST

ভাতৃহন্তা অচিন্তৰ মনত নাই লেশমানো অনুশোচনা

তেজপুৰ, ৯ মাৰ্চ : "মই মোৰ ভাইটিক সুস্থ মানসিকতাৰে মৰা নাই ৷ ফাকুৱাৰ দিনা সিয়ো খাই-বৈ আছিল, ময়ো খাই আছিলো ৷ দুয়োটাৰে মাজত তৰ্কা-তৰ্কি হৈছিল ৷ এতিয়া মই বহুত অনুতপ্ত ৷" সংবাদমাধ্যমৰ সন্মুখত হাঁহি হাঁহি ভাতৃহন্তা অচিন্ত দাসৰ অকপট স্বীকাৰোক্তি ৷

বুধবাৰে হোলীৰ আনন্দ উল্লাহৰ মাজতে তেজপুৰ চহৰৰ গাৰুৱানপট্টিত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা (Shot dead in Tezpur) ৷ সুৰাৰ ৰাগীত জ্যেষ্ঠ ভাতৃ অচিন্ত দাসে গুলীয়াই হত্যা কৰিলে কণিষ্ঠ ভাতৃ বিষ্ণু দাসক ৷ বিয়লি ৪ বজাত নিজ গৃহৰ সন্মুখতে স্কুটী লৈ আহি থকা কণিষ্ঠ ভাতৃক শূন্য দূৰত্বত জ্যেষ্ঠ ভাতৃ অচিন্তই ব্যক্তিগত অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰৰে গুলীয়াই হত্যা কৰে (Elder Brother shot dead brother)।

লগে লগে আঘাতপ্ৰাপ্ত কণিষ্ঠ ভাতৃক তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও ইতিমধ্যে বিষ্ণুৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰিছিল । এই ঘটনাৰ পিচতে আৰক্ষীয়ে হত্যাকাৰী অচিন্ত দাসক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ ব্যক্তিগত ৰিভলভাৰটো জব্দ কৰিছিল (Accused of Tezpur murder case arrested)।

পৰৱৰ্তী সময়ত বৃহস্পতিবাৰে আৰক্ষীয়ে অচিন্ত দাসৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমানৰ মাৰণাস্ত্ৰ, গুলী বাৰুদ উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে অচিন্তৰ বাসগৃহৰ পৰা 288 টা সজীৱ গুলী, এটা 7.65 পিষ্টল, 12bore rifle আৰু 6 টা 12bore rifle ৰ গুলীৰ লগতে কেইবাখনো চোকা অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Illegal weapons recovered) ৷ ইয়াৰে এটা ৰিভলভাৰৰহে অনুজ্ঞাপত্ৰ আছিল অচিন্তৰ ৷ অন্য মাৰণাস্ত্ৰসমূহ অবৈধভাৱে নিজ বাসগৃহত ৰখা হৈছিল বুলি জানিব পৰা গৈছে ৷

ইফালে হত্যাকাৰী অচিন্তৰ আছে বহু অপৰাধৰ ইতিহাস ৷ এসময়ত ছালফা কৃষ্ণ হাজৰিকাৰ লগত তেজপুৰত ধনদাবী অপৰাধৰ সৈতে জড়িত আছিল ভাতৃহন্তা অচিন্ত ৷ অচিন্তৰ পুত্ৰ নিষিকেশ দাসকো এই হত্যাকাণ্ডত জড়িত থকাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ বিষ্ণু দাসৰ পৰিয়ালে দোষী ভাতৃক কঠোৰ শাস্তি বিহিবলৈ দাবী উত্থাপন কৰিছে ৷ পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবেই বিষ্ণু দাস হত্য়াৰ বলি হ’ল বুলি পৰিয়ালৰ লোকে দাবী উত্থাপন কৰিছে ৷

এই ঘটনা সন্দৰ্ভত তেজপুৰ সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্টু বড়োৱে জনোৱা মতে বিষ্ণু দাস (৪২) এগৰাকী সামৰিক বাহিনীৰ কৰ্মচাৰী আছিল ৷ তেওঁ হোলী উপলক্ষে ছুটীত ঘৰলৈ আহিছিল । আনহাতে অচিন্ত দাস (৪৪) তেজপুৰৰ এগৰাকী ব্যৱসায়ী বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:Shot dead in Tezpur: জ্যেষ্ঠ ভাতৃয়ে গুলীয়াই হত্যা কৰিলে কনিষ্ঠ ভাতৃক

ABOUT THE AUTHOR

...view details