অসম

assam

ETV Bharat / state

দুশগৰাকী ব্যক্তিক সম্বৰ্ধনা বিধায়ক পদ্ম হাজৰিকাৰ

দুদিনীয়াকৈ অনুষ্ঠিত হয় এই সম্বৰ্ধনা জ্ঞাপন কাৰ্যসূচী ৷ সুদীৰ্ঘ ২৪ বছৰীয়া ৰাজনৈতিক জীৱন পৰিক্ৰমাত বিধায়ক পদ্ম হাজৰিকাক দিহা পৰামৰ্শ,সহায়-সহযোগিতা তথা আন্তৰিকতা প্ৰকাশ কৰা ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে বিধায়কগৰাকীয়ে ৷

By

Published : Mar 12, 2019, 12:16 PM IST

দুশগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন বিধায়ক পদ্ম হাজৰিকাৰ

তেজপুৰ,১২মাৰ্চঃ দেওবাৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই সম্বৰ্ধনা জ্ঞাপন কৰে মুঠ দুশগৰাকী বিশিষ্ট ব্যক্তিক । সুদীৰ্ঘ ২৪ বছৰীয়া ৰাজনৈতিক জীৱন পৰিক্ৰমাত বিধায়ক পদ্ম হাজৰিকাক দিহা পৰামৰ্শ,সহায়-সহযোগিতা তথা আন্তৰিকতা প্ৰকাশ কৰা ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে বিধায়কগৰাকীয়ে ৷

দুশগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন বিধায়ক পদ্ম হাজৰিকাৰ
জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় চৌহদত সমষ্টিটোৰ নদুৱাৰ মণ্ডলৰ দহখনগাঁও পঞ্চায়তৰ ১২৬গৰাকী লোকৰলগতে ৭৪গৰাকী মৃত ব্যক্তিৰ পৰিয়ালসহিতে মুঠ দুশ গৰাকী ব্যক্তিক দেওবাৰৰ পৰা সোমবাৰলৈ দুদিনীয়া কাৰ্যসূচীৰে এইদৰে সম্বৰ্ধনা যাঁচি কৃতজ্ঞতা জ্ঞাপন কৰে বিধায়কগৰাকীয়ে ৷ উল্লেখনীয় যে চতিয়া সমষ্টিৰ চাৰিদুৱাৰ জিলা পৰিষদৰ অন্তৰ্গত গাঁও পঞ্চায়ত সমূহৰ দলীয় ব্যক্তি সকলকো শনিবাৰে চাৰিদুৱাৰত বিধায়ক হাজৰিকাই এইদৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে নাগশংকৰ জিলা পৰিষদৰ ব্যক্তিসকলকো সম্বৰ্ধনা জ্ঞাপন কৰে ৷

এই সম্বৰ্ধনা কাৰ্যসূচীৰ আৰম্ভণিতেই সুদূৰ মঙলদৈৰ পৰা অহা স্নেহলতা চহৰীয়াৰ দলে প্ৰায় ১ ঘন্টাজুৰি নাম পৰিৱেশন কৰি শোভা বৰ্ধন কৰে অনুষ্ঠানটিৰ ।

ABOUT THE AUTHOR

...view details