অসম

assam

ETV Bharat / state

Tawang conflict: টাৱাং সংঘৰ্ষক লৈ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ গুৰুত্বপূৰ্ণ বৈঠক - Lt Gen Rana Pratap Kalita on Tawang conflict

টাৱাং ঘটনাৰ পাছতে তেজপুৰ গজৰাজ কৰ্পছ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বীয়ে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে (Important meeting of Lt Gen Rana Pratap)। সুৰক্ষা সমন্ধীয় এক গুৰুত্বপূৰ্ণ বিষয়ত সেনা বাহিনীৰ শীৰ্ষ বিষয়াৰ লগত বৈঠকত মিলিত হয় আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ লগতো আলোচনাত মিলিত হয় ।

Lt Gen Rana Pratap Kalita
লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ গুৰুত্বপূৰ্ণ বৈঠক

By

Published : Dec 21, 2022, 11:06 AM IST

তেজপুৰ, ২১ ডিচেম্বৰ : ভাৰত-চীন সীমান্ত অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ য়াংষ্টেৰ ঘটনাৰ পাছতে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা জেনেৰেল অফিচাৰ কামাণ্ডিঙ ইন চিফৰ তেজপুৰ গজৰাজ কৰ্পচত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় (Lt Gen Rana Pratap Kalita holds crucial meeting)। বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, জেনেৰেল কলিতাই সুৰক্ষা সমন্ধীয় এক গুৰুত্বপূৰ্ণ বিষয়ত সেনা বাহিনীৰ শীৰ্ষ বিষয়াৰ লগত বৈঠকত মিলিত হয় আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ লগতো আলোচনাত মিলিত হয় ।

সোমবাৰে তেজপুৰ গজৰাজ কৰ্পছত অনুষ্ঠিত এই বৈঠকৰ সবিশেষ তথ্য জানিব পৰা হোৱা নাই যদিও যোৱা ৯ ডিচেম্বৰত ভাৰত-চীন সীমান্তৰ টাৱাঙৰ পৰা ৫০ কিলোমিটাৰ নিলগত হলী জলপ্ৰপাতৰ সমীপত য়াংষ্টে অঞ্চলত চীনা সৈন্যৰ বলপূৰ্বক প্ৰৱেশৰ চেষ্টা আৰু সীমান্তৰ বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা হয় (Yangtse Tawang conflict)। সেনা বাহিনীৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী গৰাকীয়ে অৰুণাচল প্ৰদেশৰ টাৱাং পৰিদৰ্শন কৰাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে সেয়া সম্ভৱ নহ'ল আৰু মঙলবাৰে তেজপুৰৰ পৰা কলকাতা অভিমুখে তেওঁ ৰাওনা হয় । আনহাতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ লগতো সুৰক্ষা সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ বৈঠকত তেওঁ মিলিত হয় (Lt Gen Rana Pratap Kalita meet DGP Assam)।

লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ গুৰুত্বপূৰ্ণ বৈঠক

আনহাতে বিজয় দিৱসৰ দিনা সেনা প্ৰধানগৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰি কৈছিল যে ভাৰত-চীন সীমান্তত উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ ৮ টা সংবেদনশীল এলেকা আছে য'ত বিভিন্ন ঠাইত চীন আৰু ভাৰতৰ তৰফৰ পৰা দৃষ্টি নিক্ষেপ কৰি থকা হয় । ইয়াৰ ভিতৰত এটা বিশেষ স্থান য'ত ৯ ডিচেম্বৰত এই ঘটনা সংঘটিত হয় । ফলস্বৰূপে দুই পক্ষৰ সেনা সামান্যভাৱে আঘাটপ্ৰাপ্ত হয় ।

তেওঁ কয় যে মাত্ৰ কেইজনমান হে আঘাটপ্ৰাপ্ত হৈছে । সেয়ে এই ঘটনাৰ মিছা প্ৰচাৰ হ'ব নালাগে আৰু কোনো ধৰণৰ উৰা বাতৰি প্ৰকাশ পাব নালাগে । ইফালে ঘটনাৰ পাছত স্থানীয় সেনা বিষয়াৰ পৰ্যায়ত উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয় । ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই কয় যে চীনা সেনাই সঘনাই সীমান্তৰ নীতি ভংগ কৰিবলৈ চেষ্টা কৰে যদিও আৰু ভাৰতৰ সেনাই যথেষ্ট পৰিমাণে সক্ৰিয় হৈ আছে । লগতে ইষ্টাৰ্ণ কামাণ্ডৰ মুখ্য সেনা বিষয়াগৰাকীয়ে কয় যে উত্তৰ-পূৱ সীমান্তত কোনো ধৰণৰ চিন্তাৰ প্ৰয়োজন নাই সীমান্ত সুৰক্ষিত হৈ আছে (Lt Gen Rana Pratap Kalita on Tawang conflict)।

তেওঁ লগতে কয় যে যোৱা ১০-১৫ বছৰৰ ভিতৰত ফ্ৰ'ণ্টিয়াৰ এলেকাত প্ৰকৃত নিয়ন্ত্ৰণৰ ৰেখাৰ সমান্তৰালভাৱে বিভিন্ন আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰা হৈছে । বিশেষকৈ সেনাৰ ক্ষেত্ৰত উন্নয়ন সাধন মানে একমাত্ৰ পথৰ উন্নতি নহয় সকলো ধৰণৰ এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ড বায়ুসেনাৰ ঘাটি, সৈন্য বাহিনীৰ মোতায়েন কৰা হৈছে । সীমান্তৰ উন্নয়ন সাধনৰ বাবে অতিকৈ গুৰুত্ব প্ৰদান কৰা হৈছে যাৰ বাবে আজি সেনাৰ সুবিধা যথেষ্ট হৈছে বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :Eviction drive at Batadrava: বটদ্ৰৱাৰ উচ্ছেদিত পৰিয়ালৰ কাষত এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ সঁজাতী দল

ABOUT THE AUTHOR

...view details