ৰঙাপৰা, 21মে': চৰকাৰী নীতি-নিয়মক অংগুষ্ঠ প্ৰদৰ্শন একাংশ ব্যৱসায়ীৰ ৷ উত্তৰ-পূৱৰ বাণিজ্যিক কেন্দ্ৰস্বৰূপ ফাঁচী বজাৰত কিছুদিন পূৰ্বে আলু গুডামত কৰ্মৰত এজন শ্ৰমিক COVID19ত ধৰা পৰাৰ পিছতো সজাগ নহ'ল একাংশ ব্যৱসায়ী ৷
মাস্ক আৰু সামাজিক দূৰত্ব অবিহনেই ৰঙাপৰাত কামত ব্যস্ত শ্ৰমিক - ফাঁচী বজাৰ
ৰঙাপৰাত একাংশ ব্যৱসায়ীয়ে কোনোধৰণৰ সাৱধানতা অৱলম্বন নকৰি শ্ৰমিকক কামত লগোৱা পৰিলক্ষিত হ'ল ৷ শ্ৰমিকৰ দ্বাৰা গুডামত আলু বস্তা ৰখাৰ সময়ত শ্ৰমিকসকলৰ মুখত দেখা নগ'ল কোনো ধৰণৰ মাস্ক আৰু সামাজিক দূৰত্ব ৷
তেনে এক দৃশ্য দেখা পোৱা গ'ল শোণিতপুৰ জিলাৰ ৰঙাপৰাত ৷ ৰঙাপৰাত একাংশ ব্যৱসায়ীয়ে কোনোধৰণৰ সাৱধানতা অৱলম্বন নকৰি শ্ৰমিকক কামত লগোৱা পৰিলক্ষিত হ'ল ৷ শ্ৰমিকৰ দ্বাৰা গুডামত আলু বস্তা ৰখাৰ সময়ত শ্ৰমিকসকলৰ মুখত দেখা নগ'ল কোনো ধৰণৰ মাস্ক আৰু সামাজিক দূৰত্ব ৷ কৰ'ণা ভাইৰাছক লৈ যেন কোনোধৰণৰ শংকাই নাই শ্ৰমিকসকলৰ ৷ এইক্ষেত্ৰত ৰঙাপৰা আৰক্ষীয়ে চকু মুদা কুলিৰ ভাও ধৰাৰ অভিযোগ তুলি চিন্তিত হৈ পৰিছে এতিয়া ৰঙাপৰাবাসী ৷
লগতে পঢ়কঃপ্ৰতীক হাজেলাৰ দুৰ্নীতিৰ তদন্ত বিচাৰি পুনৰ চি বি আইত গোচৰ অসম পাব্লিক ৱর্কছৰ