অসম

assam

ETV Bharat / state

প্ৰত্যেক জিলাৰ সমষ্টিত কোৱাৰেন্টাইন চেন্টাৰৰ প্ৰস্তুতিঃ কেশৱ মহন্ত - শোণিতপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়

শোণিতপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক মন্ত্ৰী কেশৱ মহন্তৰ । বহিঃৰাজ্যৰ পৰা আহিবলগীয়া লোকসকলক ৰখাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাতে কোৱাৰেন্টাইন চেন্টাৰ আছে যদিও বৰ্তমান প্ৰায় 1000 জন লোকক ৰাখিব পৰাকৈ সমষ্টিসমূহত এই কোৱাৰেন্টাইন চেন্টাৰ স্থাপন কৰা হ'ব ।

Keshab Mahanta Press meet at Sonitpur DC office
প্ৰত্যেক জিলাৰ সমষ্টিত ১০০০ জন লোকৰ বাবে কোৱাৰেন্টাইন চেন্টাৰৰ প্ৰস্তুতিঃ কেশৱ মহন্ত

By

Published : May 20, 2020, 8:54 PM IST

তেজপুৰ,20 মেঃ শোণিতপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক মন্ত্ৰী কেশৱ মহন্তৰ । ৰাজ্যৰ জিলাসমূহত কোভিড 19ৰ সম্ভাৱনা থকা ৰোগী সকলৰ বাবে কোৱাৰেন্টাইন কক্ষ নিৰ্মান কৰাৰ বাবে প্ৰস্তুতি হাতত লোৱাৰ বাবে প্ৰশাসনক আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে, বহিঃৰাজ্যৰ পৰা আহিবলগীয়া লোকসকলক ৰখাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাতে কোৱাৰেন্টাইন চেন্টাৰ আছে যদিও বৰ্তমান প্ৰায় 1000 জন লোকক ৰাখিব পৰাকৈ সমষ্টিসমূহত এই কোৱাৰেন্টাইন চেন্টাৰ স্থাপন কৰা হ'ব ।

শোণিতপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত কেশৱ মহন্তৰ বৈঠক

উল্লেখ্য যে, ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ বিধায়ক সকলৰ অধ্যক্ষতাত আৰু প্ৰতিটো চক্ৰ বিষয়াৰ নেতৃত্বত এটা নিৰীক্ষণ দল গঠন কৰি এই সকল লোকক পৰ্যবেক্ষণ কৰা হ'ব বুলি জনায় মন্ত্ৰী কেশৱ মহন্তই । শোণিতপুৰ জিলাত ইতিমধ্যে তেজপুৰ বিশ্ববিদ্যালয়ত উত্তৰ অসমৰ পাঁচখন জিলাৰ বাবে বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ বাবে জ'নেল কোৱাৰেন্টাইন চেন্টাৰৰ ব্যৱস্থা আছে । এইপ্ৰৰ্যন্ত তেজপুৰত প্ৰায় 1500ত কৈও অধিক লোকৰ স্ক্ৰীনিং কৰা হৈছে বুলি জানিব দিয়ে মন্ত্ৰী গাৰকীয়ে ।

লগতে পঢ়ক- খোৱাং কলৌলোৱা গাঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ ৰাইজৰ

ABOUT THE AUTHOR

...view details