অসম

assam

বাঘজান অগ্নিকাণ্ডৰ বাবে আওপকীয়াকৈ ONGCক দোষাৰোপ কামাখ্যা প্ৰসাদ তাছাৰ

By

Published : Jun 16, 2020, 7:31 PM IST

মঙলবাৰে তেজপুৰত সোণোৱাল চৰকাৰৰ চাৰি বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ বাবে জনসম্পৰ্ক অভিযানত উপস্থিত থাকি সাংবাদিকৰ আগত এই মন্তব্য কৰে তাছাই ৷

Kamakhya Prasad Tacha blames ONGC for Baghjan fire
বাঘজান অগ্নিকাণ্ডৰ বাবে আওপকীয়াকৈ ONGC ক দোষাৰোপ কামাখ্যা প্ৰসাদ তাছাৰ

তেজপুৰ, ১৬ জুন: বাঘজানৰ তৈলখাদত হোৱা অগ্নিকাণ্ডৰ বাবে আওপকীয়াকৈ ONGCক দোষাৰোপ কৰিলে সাংসদ কামাখ্যা প্ৰসাদ তাছাই । যদিহে এই ঘটনা ONGC কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই হৈছে আৰু তদন্তত যদি প্ৰমাণিত হয় তেন্তে কোনো সাৰি যাব নোৱাৰিব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে । মঙলবাৰে তেজপুৰত সোণোৱাল চৰকাৰৰ চাৰি বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ বাবে জনসম্পৰ্ক অভিযানত উপস্থিত থাকি সাংবাদিকৰ আগত এই মন্তব্য কৰে তাছাই ৷

কামাখ্যা প্ৰসাদ তাছা

সাংসদগৰাকীয়ে কয় যে অতিৰিক্ত মুখ্য সচিব মুনিন্দ্ৰ সিং আৰু বন বিভাগৰ অতিৰিক্ত চি চি এফ এক কে যাদৱৰ নেতৃত্বত চৰকাৰে এক তদন্তৰ ঘোষণা কৰিছে আৰু সমগ্ৰ ঘটনাৰ পৰ্যবেক্ষণ কৰিবলৈ বহিঃৰাষ্ট্ৰৰ পৰাও বিশেষজ্ঞৰ দল বাঘজানত উপস্থিত হৈ কাম আৰম্ভ কৰিছে ৷ বাঘজানৰ কাহিনী যদিও দুৰ্ঘটনা তথাপিও তদন্তৰ পিছত হে সকলো স্পষ্ট হ'ব আৰু যদি কোনোবা দোষী সাব্যস্ত হয় তেন্তে কঠোৰতকৈ ও কঠোৰতম শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি সকীয়াই দিয়ে সাংসদগৰাকীয়ে ।
লগতে পঢ়কঃCOVID19 সন্দৰ্ভত ৰাজ্যৰ শেহতীয়া তথ্য

ABOUT THE AUTHOR

...view details