বিহালী, 3 মাৰ্চ: বিহালীত শিল আৰু বালি মাফিয়াৰ দৌৰাত্ম্য (Sand Scam at Bihali) ৷ নীতি বৰ্হিভূতভাৱে খনন কাৰ্য চলোৱা শিল আৰু বালি মাফিয়াৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্ৰমণ কৰিবলৈ উদ্যত হয় বালি মাফিয়াৰ দলে ৷ বিহালীৰ বৰজাৰণীত বন মাফিয়াই চৰকাৰী নিয়ম উলংঘা কৰি নিজ খেয়াল খুচি মতে খান্দিছে বৰগাং নৈৰ বুকু ৷
অভিযোগ অনুসৰি মজিবুৰ ৰহমান নামৰ বন মাফিয়াৰ গুণ্ডা বাহিনীৰ দলে বন আইন উলংঘা কৰি দিনে নিশাই 20 খনতকৈও অধিক এক্সেভেটৰ লগাই বৰগাং নদীৰ বুকুত 50-60 ফুট গভীৰতালৈকে খনন চলাইছে ৷ ফলত বৰগাং নদীৰ সিপাৰে বগীজুলিত বসবাস কৰা লোকসকলৰ যাতায়তৰ ক্ষেত্ৰত ভয়ংকৰ সমস্যাৰ সৃষ্টি হৈছে ৷ বিশেষকৈ নদীৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত খন্দাৰ বাবে বাৰিষা কালত নদীৰ সিপাৰৰ লোকসকলৰ নদী পাৰ হোৱাত যথেষ্ট অসুবিধা হয় ৷
শেহতীয়াকৈ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বৰগাং নদীৰ বন মাফিয়া মজিবুৰ ৰহমানৰ গুণ্ডা বাহিনীয়ে স্থানীয় লোকে অহা-যোৱা কৰা নদী পথত অবাধ গতিত গভীৰ খনন চলোৱাৰ বাতৰি সংগ্ৰহ কৰিবলৈ অহাৰ সময়ত বন মাফিয়া মজিবুৰ ৰহমানে আক্ৰমণ কৰিবলৈ উদ্যত হয় সংবাদিকগৰাকীক (Journalists detained by sand mafia) ৷ সাংবাদিকৰ দলটোক আগভেটি ধৰি পূৰ্ব পৰিকল্পিতভাৱে ধনদাবী কৰা বুলি ব্লেকমেইল কৰি আক্ৰমণ কৰিবলৈ চেষ্টা কৰে ৷