অসম

assam

ETV Bharat / state

পশ্চিম অৰুণাচলত জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস - বিশেষ সৰ্তকতা প্ৰশাসনৰ

১৭৯ টা গাহৰিৰ তেজৰ নমুনা পৰীক্ষাত ২৮ টা গাহৰিত ওলাল জাপানীজ এনকেফেলাইটিছ ৷ সমগ্ৰ পশ্চিম অৰুণাচলজুৰি বিশেষ সৰ্তকতা প্ৰশাসনৰ ৷ শোণিতপুৰতো সষ্টম প্ৰশাসন ৷

পশ্চিম অৰুণাচলত জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস

By

Published : Aug 26, 2019, 11:27 PM IST

তেজপুৰ, 22 আগষ্ট: পশ্চিম অৰুনাচলত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ প্ৰকোপ ৷ বিশেষকৈ পাহাৰীয়া ৰাজ্যখনৰ পূৱ চিয়াং, আপাৰ সোৱনশিৰি,পশ্চিম চিয়াং,লৌহিত আৰু লংডিঙ জিলাত এই ৰোগৰ ভয়াৱহতাৰ ওপৰত লক্ষ্য ৰাখি গাহৰিৰ বীজাণু পৰীক্ষা কৰাত 179 টা গাহৰিৰ 28 টাৰ তেজত জাপানীজ এনকেফেলাইটিছ ৰোগৰ বীজাণু ধৰা পৰে ৷ তাৰ ওপৰিও আপাৰ সোৱনশিৰিৰ 35 টা গাহৰিৰ নমুনাৰ ভিতৰত 2 টা,পশ্চিম চিয়াংৰ 15 টাৰ ভিতৰত 4 টা,লংডিঙৰ 14 টাৰ ভিতৰত 1টা গাহৰিৰ তেজত বীজাণু বিধৰ উপস্থিতি ধৰা পৰিছে ৷

পশ্চিম অৰুণাচলত জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস


কিছুদিন পূৰ্বে অসমতো ব্যাপক আতংকৰ সৃষ্টি কৰা জাপানীজ এনকেফেলাইটিছত ফলত বহুলোকে প্ৰাণ হেৰুৱাইছিল ৷ বিশেষকৈ শোণিতপুৰ জিলা আৰু বিশ্বনাথক সামৰি সৰ্বমুঠ 39 জন ৰোগীৰ ভিতৰত 7জন লোকেই মৃত্যু মুখত পৰিছিল ৷ এই সন্দৰ্ভত শোণিতপুৰ জিলাত বিশেষ তৎপৰতা গ্ৰহণ কৰা হৈছে বুলি জনাই জিলাখনৰ উপায়ুক্ত নৰসিং পৱাৰে কয় যে পশুপালন বিভাগে বিভিন্ন ঠাইত ইয়াৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলাই আছে ৷

ABOUT THE AUTHOR

...view details