তেজপুৰ, ১৩ ছেপ্টেম্বৰ :তেজপুৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । অসম আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিলে জেলৰ এজন কয়েদী (Criminal escapes from Assam Police)। তেজপুৰ ৰবৰ বাগানৰ সমীপৰ পৰা অপৰাধীজনে পলায়ন কৰে । অপৰাধীজন তেজপুৰ বেছেৰীয়াৰ ভাস্কৰ জ্যোতি নাথ ।
বিশ্বনাথ কাৰাগাৰৰ পৰা তেজপুৰ আদালতলৈ গৈ থকা অৱস্থাতে দুই আৰক্ষীৰ চকুত ধুলি দি ভাস্কৰ জ্যোতি নাথে পলায়ন কৰে (Biswanath jail inmate escapes)। সম্প্ৰতি এই ঘটনাক লৈ সমগ্ৰী জিলাথখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । আৰক্ষীয়ে বিভিন্ন স্থানত কয়েদীজনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ।