অসম

assam

By

Published : Dec 10, 2020, 10:00 PM IST

ETV Bharat / state

গণতন্ত্ৰ নহয়, হিংসাত্মক কাৰ্যতহে বিশ্বাসী মমতা : হিমন্ত বিশ্ব শৰ্মা

মমতা বেনাৰ্জীয়ে এতিয়া হতাশগ্ৰস্ততাত ভুগিছে ৷ অমাসাজিক কাৰ্যত লিপ্ত হৈছে তৃণমূল কংগ্ৰেছ জনপ্ৰিয়তা হ্ৰাস পোৱাত ৷ বিজেপিৰ উৎখানত চিন্তিত হৈ মমতাই এই দৰে হিংসাত্মক কাৰ্যত জড়িত হৈ পৰিছে বুুলি হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰে পশ্চিম বংগৰ মমতা চৰকাৰক ৷

গণতন্ত্ৰ নহয়, হিংসাত্মক কাৰ্যতহে বিশ্বাসী মমতাঃ হিমন্ত বিশ্ব শৰ্মা
গণতন্ত্ৰ নহয়, হিংসাত্মক কাৰ্যতহে বিশ্বাসী মমতাঃ হিমন্ত বিশ্ব শৰ্মা

তেজপুৰ,১০ ডিচেম্বৰ : ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাক আজি বিয়লি পশ্চিম বংগত এক ৰাজনৈতিক অভিবর্তন গৈ থকা অৱস্থাত তেওঁৰ কংভয়ৰ ওপৰত অতৰ্কিতে আক্ৰমণ কৰা ঘটনাক ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

গণতন্ত্ৰ নহয়, হিংসাত্মক কাৰ্যতহে বিশ্বাসী মমতাঃ হিমন্ত বিশ্ব শৰ্মা

ইয়াৰ পিছতে নেডাৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মাই তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মমতা বেনাৰ্জী সম্পূৰ্ণৰূপে বিবুদ্ধিত পৰিছে আৰু তেওঁ বৰ্তমান গণতান্ত্ৰিক ব্যৱস্থাৰ বিপৰীতে হত্যা হিংসা আদিত বিশ্বাস কৰিব ধৰিছে । পশ্চিম বংগত বিজেপিৰ উত্থান ৰ বাবে তৃণমূল কংগ্ৰেছক কোনো বিশ্বাস নকৰা হৈছে । বৰ্তমান তেওঁ সম্পূৰ্ণ ভঙা মাৰপিট আদি অসমাজিক কাৰ্যকলাপ অতি বেছি কৰি আছে আৰু ই প্ৰমাণ কৰে যে বিজেপিয়ে পশ্চিম বংগত অগ্ৰগতি লাভ কৰিছে ।
আনহাতে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস য়ে কয়, পশ্চিম বংগত বিজেপিৰ চৰকাৰ অহাটো প্ৰায় নিশ্চিত তৃণমূল এতিয়া হতাশাত ভুগিছে বুলি তেওঁ কয় ।

লগতে পঢ়কঃ বুলেটৰ পৰা বেলট লৈ বি আৰ ফেৰেংগা

ABOUT THE AUTHOR

...view details