অসম

assam

ETV Bharat / state

IG Conference of Assam Rifles : ভাৰত-ম্যানমাৰ সীমান্তত অসম ৰাইফলছে ভূমিকা লৈছে; মহাপৰিদৰ্শক - অসম ৰাইফলছৰ মহাপৰিদৰ্শক সন্মিলন ২০২৩

অসম ৰাইফলছৰ মহাপৰিদৰ্শক সন্মিলন ২০২৩ সম্পন্ন । অসম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেলে এই সন্মিলনত জোৱান সকলক প্ৰশংসাৰে ওপচাই পেলায় ।

Inspector General Of Assam Rifles Conference 2023
অসম ৰাইফলছৰ মহাপৰিদৰ্শক সন্মিলন ২০২৩

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 9:16 PM IST

তেজপুৰ, ৩ নৱেম্বৰ:শ্বিলঙৰ লাইটকোৰস্থিত অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ত অসম ৰাইফলছৰ মহাপৰিদৰ্শক সন্মিলন ২০২৩ অনুষ্ঠিত হয় । অসম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল পি চি নায়াৰৰ সভাপতিত্বত অনুষ্ঠিত সন্মিলনত মুখ্য কাৰ্যালয়ৰ ডি জি এ আৰ আৰু ফৰ্মেচনৰ ফৰ্মেচন কমাণ্ডাৰ, বেটেলিয়ন কমাণ্ডাৰ আৰু ষ্টাফ অফিচাৰসকলে অংশগ্ৰহণ কৰে । সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে বাহিনীটোৱে নিয়মীয়া অনুশীলন আৰু আখৰাৰ জৰিয়তে গতানুগতিক অভিযানত যুদ্ধ সম্ভাৱনাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে ।

অসম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল পি চি নায়াৰে লগতে কয় যে ভাৰত- ম্যানমাৰ সীমান্তৰ অখণ্ডতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ বিষয় । মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ বাহিনীটোৰ সেনাসকলে পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাত বহুলাংশে সহায় কৰা বাবে প্ৰশংসা কৰে । উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্য আৰু কাশ্মীৰ উপত্যকাত নিয়োজিত বেটেলিয়নসমূহেও জটিল পৰিস্থিতি নিয়ন্ত্ৰণত বিশেষ ভূমিকা গ্ৰহণ কৰিছে বুলিও তেওঁ লগতে কয় ।

সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল পি চি নায়াৰে উত্তৰ-পূব অঞ্চলৰ সকলো CAPFৰ ভিতৰত বৃক্ষ ৰোপণৰ ক্ষেত্ৰত মহিলা কেডাৰসকলে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে । তেওঁ লগতে কয় যে বাহিনীটোক স্বাস্থ্যসন্মত ৰেচন বিতৰণ কৰাটো এটা মূল ক্ষেত্ৰ । এই সন্মিলনত সঞ্চালক প্ৰধানগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ একাধিক প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত কমাণ্ডাৰসকলে গ্ৰহণ কৰা তেওঁলোকৰ নেতৃত্বৰ বাবে প্ৰশংসা কৰে ।

সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল পি চি নায়াৰে তেওঁলোকক বৰ্তমানৰ পৰিস্থিতিৰ সৈতে নিজকে সজাগ কৰি ৰাখিবলৈ আৰু পৰিৱেশ সম্পৰ্ক ৰক্ষা কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে অসম ৰাইফলছে সদায় উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰিছে । উল্লেখযোগ্য যে বছৰত দুবাৰকৈ অনুষ্ঠিত হোৱা এই সন্মিলনত বাহিনীটোৱে উত্তৰ-পূৰ্বাঞ্চলত নিজৰ কাম সফলতাৰে হাতত ল'ব পৰাকৈ কাৰ্যকৰী আৰু প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

লগতে পঢ়ক:Raghav Boycott Trend : ৰাজনৈতিক মানুহৰ প্ৰভাৱত দৰ্শক ছবিঘৰলৈ নাহে : পবিত্ৰ মাৰ্ঘেৰিটা

For All Latest Updates

ABOUT THE AUTHOR

...view details