তেজপুৰ,21 জুন: ভাৰতীয় সেনাবাহিনীৰ নৌ সেনাই দেশৰ বিভিন্ন প্ৰান্তত শুকুৰবাৰে পালন কৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ আই এন এচ সিন্ধুত নৌসেনা বাহিনীয়ে এইদৰে অনুশীলন কৰা দেখা গ’ল শুকুৰবাৰে পুৱা ৷
ভাৰতীয় সেনাৰ যোগ দিৱসঃ ভিন্ন পৰিৱেশত,ভিন্ন ৰূপত EXCLUSIVE - যোগ দিৱস
21 জুন সমগ্ৰ বিশ্বৰ লগতে আজিৰ দিনটোত যোগ দিৱস পালন কৰা দেখা পোৱা গ’ল ভাৰতীয় সেনাক ৷ ভাৰতীয় সেনাৰ প্ৰতিটো শাখাই ভিন্ন পৰিৱেশত পালন কৰিলে যোগ দিৱস ৷

INDIAN ARMY YOGA DAY CELEBRATION
পঞ্চমবৰ্ষত ভৰি দিয়া এই যোগ দিৱসত ভাৰতীয় সেনাৰ ডগ স্কোৱাৰ্ডেও এইদৰে যোগা দিৱসত ভাগ লোৱা এক বিৰল দৃশ্য দেখিবলৈ পোৱা গ’ল ৷
ইফালে , সেনাবাহিনীৰ দ্বাৰা চুইমিং পুলতো যোগ দিৱস পালনৰ দৃশ্যই সকলোকে উল্লাসিত কৰি তুলিছে ৷ সমান্তৰালভাৱে ভাৰত-ম্যানমাৰ সীমান্ততো সেনা বাহিনীৰ দ্বাৰা পালন কৰা হয় যোগ দিৱস ৷
ভিন্ন পৰিৱেশত,ভিন্ন ৰূপত
Last Updated : Jun 21, 2019, 11:04 AM IST