অসম

assam

ভাৰতীয় সেনাৰ পকীবেৰ নিৰ্মাণ: চিৰদিনৰ বাবে বন্ধ প্ৰতিমা বিসৰ্জনস্থলী

By

Published : May 15, 2019, 5:09 PM IST

মিছামাৰীত ভাৰতীয় সেনা ছাউনীৰ উৰ্ধ্বতন কৰ্তৃপক্ষই জধে-মধে পকীবেৰ নিৰ্মাণ কৰাত চিন্তিত হৈ পৰিছে বৃহত্তৰ মিছামাৰীবাসী। এইদৰে পকীবেৰ নিৰ্মাণ কৰাত বন্ধ হৈ পৰিব গাভৰু নৈৰ শাৰদীয় দূৰ্গা প্ৰতিমা বিসৰ্জনস্থলী ৷

ভাৰতীয় সেনাৰ পকীবেৰ নিৰ্মাণ

ৰঙাপৰা,15 মে': শোণিতপুৰ জিলাৰ মিছামাৰীত ভাৰতীয় সেনা ছাউনীৰ নিৰাপত্তাৰ দোহাই দি সেনাৰ উৰ্ধ্বতন কৰ্তৃপক্ষই জধে-মধে পকীবেৰ নিৰ্মাণ কৰিছে ৷ ইয়াৰ ফলত বৃহত্তৰ মিছামাৰীবাসী চিন্তিত হৈ পৰিছে কাৰণ চিৰদিনৰ বাবে বন্ধ হৈ পৰিব গাভৰু নৈৰ শাৰদীয় দূৰ্গা প্ৰতিমা বিসৰ্জনস্থলী ৷

ভাৰতীয় সেনাৰ পকীবেৰ নিৰ্মাণ : চিৰদিনৰ বাবে বন্ধ প্ৰতিমা বিসৰ্জনস্থলী

উল্লেখ্য যে, মিছামাৰীবাসী ৰাইজে প্ৰত্যেক বছৰে অনুষ্ঠিত কৰা দূৰ্গা পূজাৰ প্ৰতিমাসমূহ মিছামাৰীৰ কাষেৰে বৈ যোৱা গাভৰু নৈত বিসৰ্জন দিয়া হয়। কিন্তু সেনা কৰ্তৃপক্ষই নৈৰ ঘাটলৈ যোৱা পথচোৱাত পকীবেৰ নিৰ্মাণ কৰাৰ ফলত মিছামাৰীত অনুষ্ঠিত হৈ অহা ৩০-৩৫ খন দূৰ্গা পূজা সমিতিয়ে অনাগত দিনত কোন ঠাইত প্ৰতিমা বিসৰ্জন দিব তাকে লৈ চিন্তিত হৈ পৰিছে সকলো ৷

ABOUT THE AUTHOR

...view details