অসম

assam

By

Published : Feb 7, 2023, 3:59 PM IST

ETV Bharat / state

Indian Army field hospital in Turkey: তুৰস্কত ভাৰতীয় সেনাৰ ফিল্ড হাস্পতাল

তুৰস্কলৈ ৰাওনা ভাৰতীয় সেনাৰ চিকিৎসকৰ দল (Indian Army doctors team to Turkey)। ৩০ খন বিচনাযুক্ত চিকিৎসালয় স্থাপন কৰা হ'ব ভূমিকম্প পীড়িত তুৰস্কত । বিশেষজ্ঞ চিকিৎসকো আছে ৮৯ জনীয়া চিকিৎসা দলটোত ।

Indian Army field hospital in Turkey
তুৰস্কত ভাৰতীয় সেনাৰ ফিল্ড হাস্পতাল

তেজপুৰ,৭ ফেব্ৰুৱাৰী :শক্তিশালী ভূমিকম্পৰ ফলত একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত হৈছে তুৰস্ক (Turkey earthquake)। বহু অট্টালিকা ভাগি গৈছে । কোটি কোটি টকাৰ সম্পত্তি নষ্ট হৈছে । তাতকৈও দুখ লগা কথাটো হ'ল যে এতিয়ালৈ ৩০০০ ৰো অধিক লোকৰ মৃত্যু হৈছে (Death toll rise in Turkey)। আনহাতে কেইবা হাজাৰ লোক আহত হৈছে ।

তুৰস্কলৈ ৰাওনা ভাৰতীয় সেনাৰ চিকিৎসকৰ দল

ভূমিকম্পৰ ফলত চৰকাৰী সকলো ব্যৱস্থাই দুৰ্বল হৈ পৰিছে (Earthquake damages Turkey)। যাৰ বাবে বিশ্বৰ বিভিন্ন দেশে তুৰস্কক সহায়ৰ বাবে আগবাঢ়ি আহিছে । ভাৰতেও ইতিমধ্যে সাহায্য সামগ্ৰী, উদ্ধাৰকাৰী দল আৰু চিকিৎসকৰ দল প্ৰেৰণ কৰিছে (Relief and rescue teams from India to Turkey)।

তুৰস্কলৈ ৰাওনা ভাৰতীয় সেনাৰ চিকিৎসকৰ দল

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সহায়ৰ ঘোষণা কৰা পাছতে দেশখনৰ ভূমিকম্প পীড়িত লোকসকলক উদ্ধাৰৰ বাবে ভাৰতীয় সেনাৰ বিশেষ দল ৰাওনা হৈছে । সমান্তৰালকৈ ভাৰতীয় সেনাই দেশখনৰ লোকসকলক চিকিৎসাৰ সহায় আগবঢ়াবলৈ এখন ফিল্ড হাস্পতাল স্থাপন কৰিব (Indian medical team in Turkey)। এই সন্দৰ্ভত তেজপুৰস্থিত প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মুখপাত্ৰ লে কৰ্ণেল এ এছ ৱালিয়াই কয় যে সেনাৰ আগ্ৰাস্থিত আৰ্মী ফিল্ড হাস্পতালে তুৰস্কলৈ প্ৰেৰণ কৰিছে মুঠ ৮৯ জনীয়া চিকিৎসা দল ।

চিকিৎসা দলটোত অন্যান্য চিকিৎসকৰ উপৰিও জটিল চিকিৎসাৰ বাবে অৰ্থপেডিক চাৰ্জিকেল টীম, জেনেৰেল চাৰ্জিকেল স্পেচিয়েলিষ্ট টীম, মেডিকেল স্পেচিয়েলিষ্ট টীম । আনহাতে সেই স্থানত X-Ray যন্ত্ৰ, ভেণ্টিলেটৰ, অক্সিজেন জেনেৰেচন প্লাণ্ট, কাৰ্ডিয়াক মনিটৰ আৰু সংশ্লিষ্ট সঁজুলিৰে সজ্জিত ৩০ খন বিচনাযুক্ত চিকিৎসালয় স্থাপন কৰা হ'ব (Indian Army field hospital in Turkey)।

তুৰস্কলৈ ৰাওনা ভাৰতীয় সেনাৰ চিকিৎসকৰ দল

জানিব পৰা মতে তুৰস্কলৈ যোৱা ভাৰতীয় দলটোত ভূমিকম্পৰ সাহায্য-সামগ্ৰীৰ লগতে এন ডি আৰ এফ অনুসন্ধান আৰু উদ্ধাৰকাৰী দল, বিশেষভাৱে প্ৰশিক্ষিত কুকুৰৰ দল, চিকিৎসা সামগ্ৰী, ড্ৰিলিং মেচিন আৰু অন্যান্য প্ৰয়োজনীয় সঁজুলি আছে (Earthquake relief material from India to Turkey)।

উল্লেখ্য যে সোমবাৰে তুৰস্কত ৭.৮ প্ৰাবল্যৰ প্ৰথমটো ভূমিকম্পই বিভীষিকাৰ সৃষ্টি কৰিছিল (Turkey crisis)। তাৰ পাছত ১২ ঘণ্টাৰ ভিতৰতে দ্বিতীয়তো ৭.৫ ৰিখতাৰ স্কেলৰ ভূমিকম্পই পুনৰ দেশখনত সন্ত্ৰাসৰ সৃষ্টি কৰে । বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি দেশখনত এতিয়ালৈ প্ৰায় ৩০০০ লোকৰ মৃত্যু হৈছে । ভাৰতৰ লগতে বিভিন্ন দেশে ইতিমধ্যে তুৰস্কলৈ সহযোগিতাৰ হাত আগবঢ়াইছে ।

লগতে পঢ়ক :Turkey Earthquake : ভূমিকম্প বিধ্বস্ত তুৰস্কলৈ ভাৰতৰ সাহায্য-সামগ্ৰী প্ৰেৰণ

ABOUT THE AUTHOR

...view details