তেজপুৰ, 8 নৱেম্বৰ:দ্বিতীয়বাৰৰ বাবে হ’ব লগা ডুবাই এয়াৰ শ্ব'ত অংশগ্ৰহণ কৰিব ভাৰতীয় বায়ু সেনাই ৷ ডুবাই এয়াৰ শ্ব'ত অংশগ্ৰহণৰ বাবে বুধবাৰে ডুবাইত উপস্থিত হ’ল ভাৰতীয় বায়ুসেনাৰ এটা দল । উল্লেখ্যে যে, 13-17 নৱেম্বৰলৈকে অনুষ্ঠিত হ’ব এই এয়াৰ শ্ব’ ৷ এই সন্দৰ্ভত তেজপুৰস্থিত প্ৰতিৰক্ষা বিভাগৰ কাৰ্যালয়ৰ মুখপাত্ৰ লেঃ কৰ্ণেল অভিষেক বেনাৰ্জীয়ে জনায় যে, অহা 13 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া দ্বিবাৰ্ষিক ডুবাই এয়াৰ শ্ব’ত অংশগ্ৰহণৰ বাবে ডুবাইৰ আল মাকতুম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিছে ভাৰতীয় বায়ুসেনাৰ দল ।
সেনা বিষয়া গৰাকীয়ে জনোৱা অনুসৰি, বায়ুসেনাৰ এটা বিশেষ দলে এডভান্সড লাইট হেলিকপ্টাৰ চমুকৈ এ এল এইচ ধ্ৰুৱ আৰু থলুৱা ভাৱে নিৰ্মিত বিশেষ বিমান লৈ ইতিমধ্যে ডুবাইৰ আল মাকতুম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় । বায়ুসেনাৰ তেজছ যুদ্ধ বিমান দুয়োটাৰে অংশ হ’ব যদিও এয়াৰ শ্ব’ৰ সময়ত এৰিয়েল ডিছপ্লেৰ জৰিয়তে ছাৰাং হেলিকপ্টাৰ প্ৰদৰ্শনকাৰী দলে তেওঁলোকৰ ফৰ্মেচন এৰোবেটিক্সৰ দক্ষতা প্ৰদৰ্শন কৰিব ৷