তেজপুৰ, ৭ ছেপ্টেম্বৰ :বৰ্তমান ভাৰত আৰু ইণ্ডিয়া শব্দ দুটাক লৈ ব্যাপক চৰ্চা চলিছে । ইফালে তাৎক্ষণিকভাৱে দেশৰ নাম ইণ্ডিয়াৰ সলনি ভাৰত কৰিবলৈ যো-জা চলোৱা বিষয়টোত বিভিন্ন মহলত বিভিন্ন প্ৰশ্নও উত্থাপন হৈছে । কিছুদিন পূৰ্বে বিৰোধী দলৰ ঐক্য মঞ্চই একত্ৰিত হৈ তেওঁলোকৰ নাম ইণ্ডিয়া (INDIA) ব্যৱহাৰ কৰাৰ পাছতে সমগ্ৰ বিষয়টো চৰ্চালৈ আহে । কিন্তু দুয়োটা শব্দ বা নামৰ বৈশিষ্ট্য কি ? দেশখনৰ বাবে সাধাৰণতে ব্যৱহৃত নাম হিচাপে 'ভাৰত' (BHARAT) ৰ পৰা 'ইণ্ডিয়া' (INDIA) লৈ পৰিৱৰ্তনৰ এক জটিল ইতিহাস আছে, যিটো ভাষিক বৈচিত্ৰ্য, ঔপনিৱেশিকতাবাদ, ৰাজনৈতিক পৰিৱৰ্তনকে ধৰি বিভিন্ন কাৰকে গঢ় দিয়া দেখা যায় ।
ভাৰত আৰু ঔপনিৱেশিক প্ৰভাৱৰ ঐতিহাসিক ব্যৱহাৰ : ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়ত ব্ৰিটিছে ভাৰত উপমহাদেশক 'ইণ্ডিয়া' বুলি উল্লেখ কৰিছিল । এই শব্দটো ব্ৰিটিছ ভাৰতৰ পশ্চিম সীমা চিহ্নিত কৰা সিন্ধু নদীৰ পৰা উদ্ভৱ হৈছিল । ব্ৰিটিছ ঔপনিৱেশিক প্ৰশাসনে তেতিয়া চৰকাৰী নাম হিচাপে 'ইণ্ডিয়া' ব্যৱহাৰ কৰিছিল ।
স্বাধীনতা আৰু সংবিধান : ১৯৪৭ চনত যেতিয়া ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল, তেতিয়া ভাৰতে এটা প্ৰশ্নৰ সন্মুখীন হৈছিল যে নতুনকৈ গঠিত ৰাষ্ট্ৰখনে চৰকাৰী নাম হিচাপে কি নাম গ্ৰহণ কৰিব লাগে । তেতিয়া ভাৰতীয় সংবিধান প্ৰণেতাসকলে এই বিষয়ত আলোচনা কৰিছিল । ভাৰতৰ ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰতি লক্ষ্য ৰাখি সংবিধানত 'ভাৰত আৰু ইণ্ডিয়া' দুয়োটাকে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল । ভাৰতীয় সংবিধানৰ অনুচ্ছেদ-১ত উল্লেখ আছে, "ইণ্ডিয়া অৰ্থাৎ ভাৰত এখন ৰাষ্ট্ৰ হ'ব ।"
এই আপোচত দুয়োটা নামৰ ঐতিহাসিক আৰু সাংস্কৃতিক তাৎপৰ্য তেতিয়াই স্বীকাৰ কৰা হৈছিল । বছৰৰ পাছত বছৰ ধৰি 'ইণ্ডিয়া' অধিক ব্যৱহৃত নাম হৈ পৰিল, বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত য'ত ইয়াক অধিক সহজে চিনাক্ত কৰা হ'ল । 'ভাৰত' হিন্দী আৰু অন্যান্য ভাৰতীয় ভাষাত ব্যৱহাৰ হৈয়েই থাকিল কিন্তু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত 'ভাৰত' শব্দটো কিছু অচিনাকী । কিন্তু 'ভাৰত' ভাৰতৰ সাংস্কৃতিক আৰু ভাষিক পৰিচয়ৰ এক গুৰুত্বপূৰ্ণ অংগ হৈয়েই আছে । সাহিত্য, কবিতা, বিভিন্ন সাংস্কৃতিক প্ৰকাশভংগীত ইয়াক ঐতিহ্য আৰু পৰম্পৰাৰ ভাৱ জগাই তোলাৰ বাবে ব্যৱহাৰ কৰা হয় ।
'ভাৰত' নামৰ উৎপত্তি : 'ভৰত', 'ভাৰত' বা 'ভাৰতবৰ্ষ'ৰ নাম পুৰাণ সাহিত্যৰ পৰাই আৰু মহাকাব্য মহাভাৰতৰ পৰাই পোৱা যায় । পুৰাণত ভাৰতক 'দক্ষিণত সাগৰ আৰু উত্তৰত নিয়ৰৰ বাসস্থান'ৰ মাজৰ ভূমি বুলি বৰ্ণনা কৰা হৈছে । তদুপৰি মহাভাৰত (যাৰ মূল অংশ নিজেই ভাৰত নামেৰে জনাজাত) আৰু পৰৱৰ্তী গ্ৰন্থসমূহত ভাৰতৰ ৰাজ্যখন ভাৰতবৰ্ষ বুলি জনা যায় । গ্ৰন্থ অনুযায়ী 'ভাৰত' শব্দটো দুষ্যন্ত আৰু শকুন্তলাৰ পুত্ৰ ভৰতৰ পৰা আহিছে আৰু বর্ষ শব্দৰ অৰ্থ হ'ল পৃথিৱী বা মহাদেশৰ বিভাজন ।
সংবিধানসভাৰ বিতৰ্কৰ সময়ত ১৯৪৯ চনৰ ১৭ ছেপ্টেম্বৰত 'সংঘৰ নাম আৰু ভূখণ্ড' আলোচনাৰ বাবে লোৱা হয় ৰাজ্য', সদস্যসকলৰ মাজত বিভাজনৰ সৃষ্টি হ'ল । যথেষ্ট সংখ্যক সদস্যই 'ইণ্ডিয়া' নামটো ব্যৱহাৰৰ বিৰোধিতা কৰিছিল, যিটো তেওঁলোকে ঔপনিৱেশিক অতীতৰ সোঁৱৰণি হিচাপে দেখিছিল । সংযুক্ত প্ৰদেশৰ পাহাৰীয়া জিলাসমূহক প্ৰতিনিধিত্ব কৰা হৰগোবিন্দ পন্তই স্পষ্টকৈ কৈছিল যে "উত্তৰ ভাৰতৰ জনসাধাৰণে ভাৰতবৰ্ষক বিচাৰে আৰু আন একো নহয় ।