তেজপুৰ, ২৯ জুলাই: পৰ্যাপ্ত পানীৰ অভাৱ হোৱা বাবে শালিধানৰ খেতি কৰাত শোণিতপুৰৰ কৃষকসকলে অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে । জুন মাহৰ তুলনাত জুলাই মাহত শোণিতপুৰ জিলাত বৰষুণৰ পৰিমাণ যথেষ্ট পৰিমাণে কম হৈছে । আনহাতে, কোনো কোনো ঠাইত বৃষ্টিপাত সঘনাই হৈ থকা বাবে পানীৰ অভাৱ হোৱা নাই যদিও কেইবাটাও অঞ্চলত বৰষুণৰ পৰিমাণ যথেষ্ট কম হোৱা পৰিলক্ষিত হৈছে । ফলস্বৰূপে উক্ত অঞ্চলবোৰত কৃষকে নলা-নৰ্দমাৰ পানী খেতি পথাৰলৈ বোৱাই নিয়াৰ ব্যৱস্থা কৰি খেতি কৰিবলগীয়া হৈছে বুলি জানিবলৈ দিছে জিলা কৃষি বিষয়া প্ৰকাশ চন্দ্ৰ বৰাই ।
পৰ্যাপ্ত পানীৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে শোণিতপুৰৰ কৃষকে বন ধ্বংস আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হৈছে ৷ ফলত বৰষুণৰ পৰিমাণ ঠায়ে ঠায়ে কম আৰু কোনো ঠাইত অধিক হোৱা দেখিবলৈ পোৱা গৈছে । জিলাখনৰ চাৰিদুৱাৰৰ ন-পাম অঞ্চলত আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত বৰষুণ হৈ আছে ৷ অৰ্থাৎ সেই অঞ্চলত গছ-গছনি বাবে বৰষুণৰ পৰিমাণ হ্ৰাস পোৱা নাই ।
শোণিতপুৰ চলিত বৰ্ষৰ জুন মাহত বৰষুণৰ পৰিমাণ আছিল ৫৯৩.৪ মিলিমিটাৰ আৰু জুলাই মাহত আছিল ৬১৩ মিলিমিটাৰ । ২০২০ চনৰ জুন মাহত জিলাখনত বৰষুণৰ পৰিমাণ আছিল ৯৮৭.৯ মিলিমিটাৰ আৰু জুলাই মাহত ১১৬৪.৫ মিলিমিটাৰ । সমান্তৰালভাৱে অসমত ২০২০ চনৰ জুন মাহত বৰষুণৰ পৰিমাণ আছিল ২১৪৭.৫ মিলিমিটাৰ আৰু জুলাই মাহত ১৭৭৩.৭ মিলিমিটাৰ ।
পৰ্যাপ্ত পানীৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে শোণিতপুৰৰ কৃষকে তাৰ বিপৰীতে চলিত বৰ্ষৰ জুন মাহত বৰষুণৰ পৰিমাণ ৭৪১.৪ মিলিমিটাৰ আছিল আৰু জুলাই মাহৰ ২৬ তাৰিখ পৰ্যন্ত অসমত বৰষুণৰ পৰিমাণ আছিল ৯৭৫.৩ মিলিমিটাৰ । শোণিতপুৰ জিলাৰ মুঠ কৃষিভূমি ৭৮,৩১২ হেক্টৰ । কিন্তু ২৪,১৪৭ হেক্টৰ ভূমিহে জলসিঞ্চনৰ আঁচনিৰ অধীনত সামৰি লোৱা হৈছে, যি মুঠ কৃষি ভূমিৰ ৩০ শতাংশহে মাত্ৰ । প্ৰকাশ চন্দ্ৰ বৰাই কয় যে, ১৫ আগষ্টৰ ভিতৰত বৰষুণৰ পৰিমাণ বৃদ্ধিৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক: হস্তী-মানৱ সংঘাত ৰোধৰ আশ্বাস নগাঁও জিলা বন সংমণ্ডল বিষয়া ভাস্কৰ ডেকাৰ