অসম

assam

ETV Bharat / state

Wood smuggling in Rangapara : ৰঙাপৰাত বাহনসহ লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ

ৰঙাপৰাত বন বিভাগৰ অভিযান ৷ দেওবাৰে নিশা ৰঙাপৰাত জব্দ এখন বাহনৰ লগতে লক্ষাধিক টকাৰ চোৰাংভাৱে সৰবৰাহ কৰা কাঠৰ বাটাম (Illegal timber seized by Jiagabharu forest beat)৷ অৱশ্যে নিশা আন্ধাৰৰ সুযোগ লৈ জব্দকৃত বাহন এৰি পলায়ন কৰে বাহনখনৰ চালক ৷

Wood smuggling in Rangapara
ৰঙাপৰাত বাহনসহ লক্ষাধিক টকাৰ কাঠৰ টুকুৰা জব্দ

By

Published : Jul 25, 2022, 10:24 PM IST

ৰঙাপৰা, 25 জুলাই :মিছামাৰীৰ উত্তৰ দিশত অৱস্থিত সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনত চোৰাং কাঠ ব্যৱসায়ীয়ে চলাই আহিছে বন ধ্বংস যজ্ঞ ৷ আনকি একাংশ চোৰাং কাঠৰ ব্যৱসায়ীৰ বাবে এই স্থান হৈ পৰিছে সোণৰ কণী পৰা হাঁহ (Wood smuggling in Rangapara) ৷ শোণিতপুৰ জিলাত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ সময়তে দেওবাৰে নিশাৰ ভাগত মিছামাৰী গাভৰু খণ্ড বনকৰ্মীৰ এটা দলে গোপন সূত্ৰৰ খবৰৰ তথ্য ভিত্তিত চলাই এক অভিযান ৷ এই অভিযানত বন বিভাগৰ দলটোৱে চোৰাং কাঠসহ এখন গাড়ী জব্দ কৰিবলৈ সক্ষম হয় (Illegal timber seized by Jiagabharu forest beat) ।

ৰঙাপৰাত বাহনসহ লক্ষাধিক টকাৰ কাঠৰ টুকুৰা জব্দ

জানিব পৰা মতে, গাভৰু খণ্ড বন কাৰ্যালয়ৰ বন বিষয়া সুৰেশ দাসৰ নেতৃত্বত বনকৰ্মীসকলে তহল দি থকাৰ সময়তে ৰঙাপৰা দিশৰ পৰা মিছামাৰী অভিমুখে আহি আছিল এ এছ 12 এ চি 1969 নম্বৰৰ এখন টাটা ম’বাইল বাহন ৷ তেনে সময়তে বাহনখনৰ চালকে হঠাৎ বনকৰ্মীৰ দলটো প্ৰত্যক্ষ কৰাৰ লগে লগে পথৰ দাঁতিত বাহনখন ৰখাই আন্ধকাৰৰ সুযোগ লৈ চালকজন সেই স্থানৰ পৰা পলায়ন কৰে ৷

ৰঙাপৰাত বন বিভাগৰ অভিযান

ইফালে বন বিভাগৰ দলটোৱে জব্দকৃত বাহনখনৰ চালকক বিচাৰি অব্যাহত ৰাখিছে অভিযান ৷ আনহাতে, জব্দকৃত বাহনখনৰ পৰা বন বিভাগৰ দলটোৱে 100 ডাল কাঠৰ বাতাম জব্দ কৰে ৷ চোৰাংভাৱে সৰবৰাহ কৰা জব্দকৃত কাঠখিনিৰ মূল্য প্ৰায় দুই লক্ষাধিক হ'ব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে বন বিষয়া সুৰেশ দাসে ৷

লগতে পঢ়ক :Cattle Preservation Act : 24 ঘণ্টাত কলিয়াবৰত জব্দ ২০৭ টা গৰুসহ ৮ খন বাহন

ABOUT THE AUTHOR

...view details