অসম

assam

ETV Bharat / state

বায়ুসেনাই বিচাৰি পালে AN-32ৰ অৱশেষ - Wreckage Found

আঠদিনীয়া জোৰদাৰ উদ্ধাৰ অভিযানৰ দুখঃজনক সমাপ্তি ৷ অৱশেষত মঙলবাৰে দিনৰ ভাগত বায়ুসেনাই উদ্ধাৰ কৰিলে ইমানদিনে সন্ধানহীন হৈ থকা AN-32 বিমানখনৰ ভগ্নাৱশেষ ৷

AN-32

By

Published : Jun 11, 2019, 5:55 PM IST

তেজপুৰ, 11 জুনঃ অৱশেষত সন্ধান পোৱা গ'ল বিগত আঠ দিন ধৰি নিখোজ হৈ থকা বায়ু সেনাৰ সন্ধানহীন বিমানখনৰ ৷ যোৰহাটৰ পৰা মেচুকালৈ বুলি উৰা মৰাৰ পিচতেই বিগত 3 জুনৰ পৰা সন্ধানহীন হৈ আছিল অভিশপ্ত AN-32 বিমানখন ৷

বায়ুসেনাই টুইটাৰযোগে বিমানখনৰ ভগ্নাৱশেষ প্ৰত্যক্ষ কৰাৰ কথা টুইট কৰিছে ৷ সেই অনুসৰি, লিপোৰ পৰা 16 কিলোমিটাৰ উত্তৰে টাটোৰ উত্তৰ-পূবত প্ৰায় 12হাজাৰ ফুট উচ্চতাত বিমানখনৰ ভগ্নাৱশেষ প্ৰত্যক্ষ কৰিছে উদ্ধাৰকাৰী বাহিনীয়ে ৷ বায়ুসেনাৰ Mi-17 হেলিকপ্টাৰে অভিশপ্ত বিমানখন প্ৰত্যক্ষ কৰিছে আৰু বৰ্তমানে উদ্ধাৰকাৰী বাহিনীৰ দল সেইস্থানলৈ ৰাঁওনা হৈছে ৷

উদ্ধাৰকাৰ্যত ব্যৱহৃত Mi-17

বিগত 3 জুনত 13গৰাকী বায়ুসেনাক লৈ যোৰহাট বায়ু সেনা ছাউনীৰ পৰা উৰা মাৰিছিল অভিশপ্ত বিমানখনে ৷ উৰণৰ প্ৰায় 35 মিনিট পিচতে ৰাডাৰৰ পৰা সংযোগ বিচ্চিন্ন হৈ আজিলৈকে সন্ধানহীন হৈ আছিল বিমানখন ৷

ABOUT THE AUTHOR

...view details