অসম

assam

ETV Bharat / state

অত্যাধুনিক প্ৰযুক্তিৰে তাটুৰ পায়ুম অঞ্চলত উদ্ধাৰ অভিযান

ভাৰতীয় বায়ু সেনা বাহিনীৰ সোমবাৰে যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকালৈ দৈনন্দিন অনুশীলনৰ বাবে যোৱা এন্টনোভ AN 32 মালবাহী বিমানখনৰ মেচুকাৰ পৰা 50 কিঃমিঃ নিলগত তাটু পাহাৰৰ পায়ুঙ নামৰ ঠাইত আৰু গ্যাতে গাঁৱৰ পৰা প্ৰায় 13 কিঃ মিঃ নিলগত ভগ্নাৱশেষ পোৱা গৈছে  ৷ তাটু পাহাৰ 12000 ফুট উচ্চতাত চিয়মি  আৰু চিয়াং জিলাত লিপো অঞ্চলৰ পৰা 16 কিঃমিঃ উত্তৰে সন্ধান পোৱা গৈছে  বায়ু সেনাৰ বিমানখনৰ ৷

সেনাবাহিনীৰ বৃহৎ দল তাটুৰ পায়ুমলৈ ৰাওনা

By

Published : Jun 12, 2019, 11:21 AM IST

Updated : Jun 12, 2019, 12:34 PM IST

তেজপুৰ ,12জুন : বায়ু সেনাৰ MI-17 অৰু ALH হেলিকপ্তাৰেৰে পায়ুমৰ তাটু অঞ্চলত AN 32 ৰ হৈছে উদ্ধাৰ অভিযান ৷ তাটুৰ পায়ুম অঞ্চলত বায়ু সেনাৰ পৰ্বতাৰোহীৰ দলৰ লগতে উপস্থিত স্থলসেনাৰ দল ৷ উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা হৈছে অত্যাধুনিক প্ৰযুক্তি ৷

সেনাবাহিনীৰ বৃহৎ দল তাটুৰ পায়ুমলৈ ৰাওনা

ভাৰতীয় বায়ু সেনা বাহিনীৰ সোমবাৰে যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকালৈ দৈনন্দিন অনুশীলনৰ বাবে যোৱা এন্টনোভ AN 32 মালবাহী বিমানখনৰ মেচুকাৰ পৰা 50 কিঃমিঃ নিলগত তাটু পাহাৰৰ পায়ুঙ নামৰ ঠাইত আৰু গ্যাতে গাঁৱৰ পৰা প্ৰায় 13 কিঃ মিঃ নিলগত ভগ্নাৱশেষ পোৱা গৈছে ৷ তাটু পাহাৰ 12000 ফুট উচ্চতাত চিয়মি আৰু চিয়াং জিলাত লিপো অঞ্চলৰ পৰা 16 কিঃমিঃ উত্তৰে সন্ধান পোৱা গৈছে বায়ু সেনাৰ বিমানখনৰ ৷

সেনাবাহিনীৰ বৃহৎ দল তাটুৰ পায়ুমলৈ ৰাওনা

পশ্চিম কামেং জিলাৰ তথ্য জনসংযোগ বিষয়া গিজুম তালিয়ে জানিবলৈ দিয়া মতে অৰুণাচল প্ৰশাসন আৰু বায়ু সেনা বিমানখনৰ ধ্বংসাৱশেষৰ সন্ধান লাভ কৰা ঠাইলৈ যোৱাৰ পথত 9-10 জুনৰ নিশাৰ পৰা অহা প্ৰচণ্ড বৰষুণে পায়ুম অঞ্চললৈ যোৱা মালো-কায়ং পথ উটুৱাই নিয়াৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল ৷ উক্ত ঠাই পাবলৈ কমেও 28 ঘন্টা সময়ৰ প্ৰয়োজন ৷ বায়ুসেনাই পুৱাৰে পৰা এম আই -17 ,এল এ এইচ হেলিকপ্তাৰ আৰু এন ডি আৰ এফ বাহিনীও ব্যৱহাৰ কৰিছে ৷

জানিব পৰা মতে AN-32 জাহাজখনে পায়ুম অঞ্চলত সংযোগ বিচ্ছিন্ন হৈছিল আৰু মেচুকাৰ ফালৰ পৰা বাওঁ ফালে গ্যাটে গাওঁ পাৰ হৈ সংযোগ বিচ্ছিন্ন হয় বুলি পশ্চিম চিয়াংৰ জন সম্পৰ্কৰক্ষী বিষয়া জনে জনায় ৷ অৰুণাচল প্ৰদেশৰ এ পি ই ডি এ ৰ উপ সঞ্চালক চমাৰ প'টম এই অভিযানত বায়সেনাৰ হেলিকপ্তাৰৰ পাইলটৰ লগত থাকি উক্ত ভগ্নাৱশেষৰ দৃশ্য প্ৰত্যক্ষ কৰিছিল ,আৰু ইয়াৰ পাচতে আজিৰ অভিযান আৰম্ভ হৈছে ৷

Last Updated : Jun 12, 2019, 12:34 PM IST

ABOUT THE AUTHOR

...view details