তেজপুৰ ,১১জুন : অৱশেষত বায়ু সেনাৰ MI-17 হেলিকপ্তাৰে চলোৱা অভিযানত সন্ধান ওলাল ভাৰতীয় বায়ু সেনা বাহিনীৰ মালবাহী বিমান AN-32 ৰ ৷ সম্পূৰ্ণ 8টা দিনৰ অন্তত যোৰহাটৰ পৰা অৰুনাচল প্ৰদেশৰ মেচুকালৈ দৈনন্দিন অনুশীলনৰ বাবে যোৱা AN 32 বিমানখনৰ ভগ্নাৱেশৰ লাভ কৰা হয় ৷ অৰুণাচলৰ চিয়মিৰ লিপোৰ উত্তৰ পাৰৰ পৰা 16 কিঃ মিঃ আঁতৰত তাটু পাহাৰৰ ১২০০০ ফুট উচ্চতাত সন্ধান বিমানখনৰ ধ্বংসাৱশেষ ৷ 8টা দিনে বায়ু সেনাৰ MI-17 ,ALH,Cheetah আৰু নৌ সেনাৰ P8i অত্যাধুনিক ছেটেলাইট, ইছৰ'ৰ আৰু চেঞ্চৰ যুক্ত বিমানেৰে চলোৱা অভিযানৰ অন্তত মঙলবাৰে সম্ভেদ পোৱা যায় বিমানখনৰ ভগ্নাৱশেষৰ ৷
কেনেদৰে সন্ধান ওলাল নিৰুদ্দিষ্ট বিমানৰ ? - অৰুনাচল প্ৰদেশ
সম্পূৰ্ণ 8টা দিনৰ অন্তত সন্ধান লাভ AN 32 বিমানৰ ৷ অৰুণাচলৰ চিয়মিৰ লিপোৰ উত্তৰ পাৰৰ পৰা 16 কিঃ মিঃ আঁতৰত তাটু পাহাৰৰ ১২০০০ ফুট উচ্চতাত সন্ধান বিমানখনৰ ধ্বংসাৱশেষ ৷ নিৰুদিষ্ট লোকৰ সন্ধানত অপেক্ষাৰ ক্ষণ গণিছে পৰিয়ালবৰ্গই ৷
যিহেতু তাটু অঞ্চললৈ যোৱাৰ কোনো পথ নাই তেনেস্থলত বৰ্তমানে বায়ু সেনাই উক্ত অঞ্চলত উদ্ধাৰ অভিযান চলাবলৈ সেনা বাহিনীৰ পেৰা ট্ৰোপাৰ ব্যৱহাৰ কৰাৰ প্ৰস্তুতি চলাইছে ৷ যদিও এই অভিযান কিমান সময়ত আৰম্ভ কৰিব সেইয়া বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ ইপিনে বিমানখনৰে যোৱা 8 গৰাকীকৈ ক্ৰিউ মেম্বাৰসহ 5 গৰাকী বায়ুসেনাৰ নিৰুদিষ্ট লোকৰ পৰিয়ালে এতিয়াও আত্মীয়ৰ সন্ধানত অপেক্ষাৰ ক্ষণ গণি আছে যোৰহাটৰ বায়ু সেনা চাউনীত ৷
উল্লেখ্য যে, 3 জুনত যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকালৈ দৈনন্দিন অনুশীলনৰ বাবে দিনৰ ১২:২৫ মিনিটত উৰা মাৰিছিল বিমানখনে আৰু উৰণৰ ৩৫ মিনিট পাচৰে পৰা এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ পৰা সংযোগ বিচ্ছিন্ন হৈ পৰিছিল বিমানখনৰ ৷ বায়ু সেনা , ভাৰতীয় সেনা আৰু জিলা আৰু ৰাজ্যিক প্ৰশাসনৰ পৰ্বত আৰোহী বাহিনী সাজু কৰা হৈছে তাটুৰ পাহাৰত উত্তৰণ কৰিবলৈ ,কিন্তু অনুশীলন আৰম্ভ হোৱা নাই , বুধবাৰে অৱতৰণ কৰাৰ সম্ভাবনা আছে বুলি জানিবলৈ দিছে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে ৷