অসম

assam

ETV Bharat / state

বায়ু সেনাৰ বিমান ট্ৰেজেদীঃ ক'ত আৰু কেনেকৈ সন্ধানহীন হ'ল AN 32 বিমানখন - Army ITBP Local Police Launched Search Ops

যোৰহাট বায়ু সেনা চাউনীৰ পৰা উৰা মৰাৰ পিচতে সন্ধানহীন হৈ পৰা AN 32 বিমানৰ বৰ্তমানলৈ কোনো সন্ধান পোৱা হোৱা নাই ৷ ইতিমধ্যে স্থানীয় প্ৰশাসনৰ সহযোগত স্থল সেনা, বায়ু সেনা আৰু আই টি বি পিয়ে বিমানখন বিছাৰি তালাচী অভিযান অব্যাহত ৰাখিছে ৷

AN 32 বিমানখন

By

Published : Jun 3, 2019, 11:07 PM IST

তেজপুৰ, 3 জুনঃ যোৰহাট বায়ু সেনা চাউনীৰ পৰা উৰা মৰাৰ পিচতে সন্ধানহীন হৈ পৰা AN 32 বিমানৰ বৰ্তমানলৈ কোনো সন্ধান পোৱা হোৱা নাই ৷ এইবিষয়ে কোনো চৰকাৰী অধিসূচনা জাৰী কৰা হোৱা নাই যদিও বহুঠাইত বিমানখন ভূপতিত হোৱাৰ তথ্য লাভ কৰিছে বায়ু সেনাই ৷ ইতিমধ্যে স্থানীয় প্ৰশাসনৰ সহযোগত স্থল সেনা, বায়ু সেনা আৰু আই টি বি পিয়ে বিমানখন বিছাৰি তালাচী অভিযান চলাই আছে ৷

মেচুকা বিমানঘাটিত অৱতৰণৰ সময়ত AN 32

উল্লেখ্য যে, দিনৰ ভাগত সেনাবাহিনীৰ সহযোগত বায়ুসেনা আৰু আইটিবিপি তথা স্থানীয় প্ৰশাসনে যুটীয়াভাৱে তালাচী অভিযান চলাইছিল ৷ তথ্য অনুসৰি, সম্ভাব্য বহুস্থানত বিমানখন ভূপতিত হোৱাৰ সন্দেহ প্ৰকাশ কৰি সেইসমূহ স্থানত তালাচী অভিযান অব্যাহত ৰাখিছে ৷

মেচুকাত অৱতৰণৰ সময়ত AN 32

তালাচী অভিযানত বায়ু সেনাৰ C-130J, AN-32, Mi-17 আৰু স্থলসেনাৰ ALH হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে ৷ অৰুণাচলৰ টাটোত বিমানখনৰ ভগ্নাৱশেষ পোৱা বুলি খবৰ ওলাইছে যদিও বায়ু সেনাই এতিয়ালৈকে এই বিষয়ে কোনো তথ্য সদৰী কৰা নাই ৷

মেচুকাৰ পৰা উৰণৰ সময়ত AN 32

পশ্চিম ছিয়াং জিলাৰ জিলা উপায়ুক্ত স্বেটকা চাছেনে টাটো মনিগোং অঞ্চলত বিমানখন প্ৰত্যক্ষ কৰাৰ কথা সদৰী কৰিছে ৷ আনহাতে ছি-য়োমি জিলাৰ জিলা উপায়ুক্ত মিটো ডিৰ্চীয়ে বিল অঞ্চলত বিমানখন প্ৰত্যক্ষ কৰাৰ কথা সদৰী কৰাৰ লগতে আলোত যোগাযোগ স্থাপন কৰাৰ কথাও উল্লেখ কৰিছে যদিও তাৰ পৰৱৰ্তী সময়তে বিমানখনৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰে ৷

মেচুকাৰ পৰা উৰণৰ সময়ত AN 32

সন্ধানহীন হোৱা বিমানখনত থকা বায়ুসেনাৰ কৰ্মচাৰীসকলৰ নাম ইতিমধ্যে আমাৰ হাতত আহি পৰিছে ৷ তথ্য অনুসৰি বিমানখনৰ কেপ্টেইন আছিল ফ্লাইট লেফটেনেন্ট এম গাৰ্গ (33889-R) ৷ এম গাৰ্গৰ উপৰিও বিমানখনত আছিল ফ্লাইট লেফটেনেন্ট মোহান্টি (33895-G), ফ্লাইট লেফটেনেন্ট থাপা (33522-R), ফ্লাইট লেফটেনেন্ট টানৱাৰ (34654-N), ৱিং কামাণ্ডাৰ চাৰ্লিছ (28471-G), ৱিং কামাণ্ডাৰ কে কে মিশ্ৰ (683658-H), স্কোৱাড্ৰণ লিডাৰ বিনোড (32195-G), ছাৰ্জেন্ট অনুপ (930409-K), কৰ্পৰেল শ্বেৰিন (946405-T), লিডিং এয়াৰক্ৰাফ্টমেন পংকজ (976654-H), লিডিং এয়াৰক্ৰাফ্টমেন এচ কে সিং (972614-G), নন কমবেটেন্ট এনৰোলদ ৰাজেশ কুমাৰ (828536-H), নন কমবেটেন্ট এনৰোলদ পুতালী (824607-K) ৷

বিমানখনত থকা কৰ্মীৰ তথ্য

বতৰ বেয়া হোৱাৰ বাবেই আকাশীপথেৰে চলোৱা তালাচী অভিযান সাময়িকভাৱে স্থগিত ৰখা হৈছে ৷ অৱশ্যে আই টি বি পি আৰু স্থল সেনাৰ বিশেষ দলে স্থলভাগেৰে বৰ্তমানেও তালাচী অভিযান অব্যাহত ৰাখিছে ৷ এই কথা প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মুখপাত্ৰ তথা উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে ৷

মেচুকা বিমানঘাটি

অধিক পঢ়কঃ অৰুণাচলৰ আকাশত সন্ধানহীন বায়ুসেনাৰ বিমান

ABOUT THE AUTHOR

...view details