অসম

assam

ETV Bharat / state

Arunachal mountaineers missing: অৰুণাচলৰ সন্ধানহীন দুই পৰ্বতাৰোহীক বিচাৰি কিদৰে চলিছে অভিযান ? - Niki Dao

এটা বছৰে সন্ধানহীন হৈ থকা দুই পৰ্বতাৰোহীৰ সন্ধানত আৰম্ভ হ’ল অভিযান ৷ এটা ৩৪ জনীয়া দলে চলাইছে এই উদ্ধাৰ অভিযান ৷ উদ্ধাৰ অভিযানৰ অগ্ৰগতিৰ বিষয়ে সবিশেষ ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জনালে এগৰাকী সন্ধাহীন পৰ্বতাৰোহীৰ ভগ্নীয়ে ৷

Arunachal mountaineers missing
Arunachal mountaineers missing

By

Published : Aug 8, 2023, 5:12 PM IST

অৰুণাচলৰ সন্ধানহীন দুই পৰ্বতাৰোহীক বিচাৰি কিদৰে চলিছে অভিযান ?

তেজপুৰ, ৮ আগষ্ট: অৰুণাচল প্ৰদেশৰ পৰ্বতাৰোহী তাপী মাৰ (Tapi Mra) আৰু নিকী ডাওৰ (Niki Dao) সন্ধানত অভিযান আৰম্ভ ৷ এটা ৩৪ জনীয়া উদ্ধাৰকাৰী দলে ইতিমধ্যে পূব কামেং জিলাৰ শেষৰখন গাঁৱত উপস্থিত হৈছে । ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত এই কথা সদৰী কৰিছে তাপী মাৰৰ ভগ্নীৰ য়াটোক মাৰ নিলোয়ে ৷ উল্লেখ্য যে 2022 চনতে সন্ধানহীন হোৱা দুই পৰ্বতাৰোহীৰ অপেক্ষাত এতিয়াও অধীৰ আগ্ৰহেৰে ৰৈ আছে আত্মীয় ৷

উদ্ধাৰকাৰী দল

সন্ধানহীন তাপী মাৰৰ ভগ্নীয়ে কয় যে যোৱা বছৰৰ পৰা সেনা বাহিনীৰ লোকে উদ্ধাৰ অভিযান বন্ধ কৰাৰ পিচত পৰিয়ালে নিজাববীয়াকৈ এই অভিযানৰ আৰম্ভ কৰিছে ৷ বৰ্তমানলৈকে প্ৰায় ১ কোটি টকা খৰচ কৰা হৈছে এই উদ্ধাৰ অভিযানৰ বাবে । প্ৰকৃততে জুলাই মাহত এই যাত্ৰা আৰম্ভ কৰাৰ কথা আছিল যদিও যথোপযুক্ত সঁহাৰি নোপোৱাৰ বাবে অভিযান আৰম্ভ কৰিব পৰা নাছিল ।

দুই পৰ্বতাৰোহীয়ে ব্যৱহাৰ কৰা সামগ্ৰী

স্মৰ্তব্য যে অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ চেপাৰ (Seppa) পৰা দুৰ্গম পৰ্বত আৰোহণৰ বাবে গৈ নিৰুদ্দেশ হৈ আছে এই দুই পৰ্বতাৰোহী ৷ তাপী এগৰাকী মাউন্ট এভাৰেষ্ট শৃংগ জয় কৰা সাহসী পৰ্বতাৰোহী ৷ ভাৰতবৰ্ষৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, নেপাল আদিত উচ্চ পৰ্বত আৰোহণ কৰাৰ অভিজ্ঞতা আছে তাপী মাৰৰ ৷

২০২২ চনৰ আগষ্ট মাহত পূব কামেং জিলাৰ ‘মাউণ্ট খ্যাৰী সাটাম’ (Khayarii Satam) পৰ্বতৰ শৃংগ আৰোহণৰ বাবে গৈ নিৰুদ্দেশ হৈ আছে দুয়ো ৷ বিগত বৰ্ষত সেনা আৰু স্থানীয় লোকৰ সহযোগিতাত উদ্ধাৰ অভিযান চলোৱা হৈছিল যদিও প্ৰতিকূল বতৰৰ বাবে অক্টোবৰ মাহত উদ্ধাৰ অভিযান প্ৰশাসনৰ তৰফৰ পৰা বন্ধ কৰা হয় ৷

পৰৱৰ্তী পৰ্যায়ত দুমাহৰ পিচত অৰ্থাৎ অক্টোবৰ মাহত পৰিয়ালৰ প্ৰচেষ্টাত গঠন হোৱা অনুসন্ধান আৰু উদ্ধাৰকাৰী দলে দুই পৰ্বতাৰোহীয়ে ব্যৱহাৰ কৰা সামগ্ৰী উদ্ধাৰ কৰে ৷ তাপী মাৰ পৰিয়ালে এভাৰেষ্টাৰ টাগিট ছ’ৰাঙৰ নেতৃত্বত এটা দল গঠন এই অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাইছিল ৷ পৰ্বতাৰোহী দুজনে ব্যাৱহাৰ কৰা সামগ্ৰী বিচাৰি উলিওৱাৰ পাচত পৰিয়ালৰ লোকে কিছু আশাৰ ৰেঙণি দেখা পাইছিল ৷ কিন্তু ‘মাউণ্ট খ্যাৰী সাটাম’ৰ বতৰ প্ৰচণ্ড বেয়া হোৱাৰ বাবে অভিযানটো আধাতে সমাপ্ত কৰিবলগীয়া হয় ৷

তাপী মাৰ ভগ্নী য়াটোক মাৰ নিলোয়ে ইটিভি ভাৰতক জনোৱা অনুসৰি উদ্ধাৰকাৰী দলটোৰ সৈতে চেটেলাইট ফোনৰ দ্বাৰা পৰিয়ালৰ লোকে যোগাযোগ অব্যাহত ৰাখিছে ৷ এই উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰিছে বহু কেইজন পৰ্বতাৰোহীয়ে ৷ এভাৰেষ্ট শৃংগ আৰোহণ কৰা তাগীত সোৰাং, টামে বাগাং, নেপালৰ এভাৰেষ্টাৰ গেজী শ্বেৰ্পা, ফুৰি শ্বেৰ্পাৰ লগতে পৰ্বতাৰোহী তৰু হাই, তানা লুই, নিংচং ৰাভা আছে ৩৪ জনীয়া উদ্ধাৰকাৰী দলটোত ৷ লগতে আছে দুয়োগৰাকী পৰ্বতাৰোহীৰ পৰিয়ালৰ সদস্য ৷

তাপী মাৰ ভগ্নীয়ে লগতে কয় যে সোমবাৰে পথ যোগাযোগৰ অন্তিমখন গাঁও ভেওত উপস্থিত হৈছে অনুসন্ধানকাৰী দলটো ৷ ১২ আগষ্টৰ সন্ধিয়া ‘মাউণ্ট খ্যাৰী সাতম’ৰ বেছ কেম্পত উপস্থিত হোৱাৰ লক্ষ্য লৈছে দলটোৱে ৷ দলটোৱে দুটা নিশা বেছ কেম্পত কটাব ৷ বতৰ ভাল হ’লে ১৪ আগষ্টৰ পৰা খ্যাৰী সাতমৰ ফালে যাত্ৰা আৰম্ভ কৰিব । লগতে, ১২ আগষ্টত বতৰে অনুমতি দিলে কিছু কাৰিকৰী সঁজুলি আৰু বিশেষজ্ঞক হেলিকপ্টাৰ সহায়ত বেছ কেম্পলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:Arunachal Mountaineer Missing: অৰুণাচল প্ৰদেশত নিৰুদ্দেশ হোৱা দুই পৰ্বতাৰোহীক বিচাৰি পুনৰ অভিযান আৰম্ভ

ABOUT THE AUTHOR

...view details