অসম

assam

ETV Bharat / state

ক’ভিড নিয়ন্ত্ৰণৰ বাবে কি নিৰ্দেশ দিলে ৰাজেশ প্ৰসাদে - rajendra prashad

বৃহস্পতিবাৰে, অসম চৰকাৰৰ কেইবাটাও বিভাগৰ প্ৰধান সচিব তথা শোণিতপুৰ জিলাৰ অভিভাৱক সচিব ৰাজেশ প্ৰসাদৰ শোণিতপুৰ জিলাত উপস্থিত হয় ৷ জিলাখনৰ ক'ভিড (Covid-19)পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত জিলাখনৰ শীৰ্ষবিষয়া সকলক কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে ৰাজেশ প্ৰসাদে ৷

gurdain secretary of sonitpur  rajendra prashad visits tezpur
ক’ভিড নিয়ন্ত্ৰণৰ বাবে কি নিৰ্দেশ দিলে ৰাজেন্দ্ৰ প্ৰসাদে

By

Published : Jul 9, 2021, 10:16 AM IST

Updated : Jul 9, 2021, 1:00 PM IST

তেজপুৰ, 9 জুলাই:অসম চৰকাৰৰ পৰিবহন (Transport), জলসিঞ্চন (Irrigation) আদি বিভাগৰ প্ৰধান সচিব তথা শোণিতপুৰ জিলাৰ অভিভাৱক সচিব ৰাজেশ প্ৰসাদে বৃহস্পতিবাৰে, ঢেকীয়াজুলিস্থিত লোক নিৰ্মাণ বিভাগ (PWD)ৰ বাংলা পৰিদৰ্শন কৰে ৷ শোণিতপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস আৰু অন্যান্য বিষয়াৰ উপস্থিতিত জিলাখনৰ অভিভাৱক সচিব গৰাকীয়ে ঢেকিয়াজুলি আৰু তেজপুৰ ৰাজহ চক্ৰ এলেকাৰ বৰ্তমান ক'ভিড (Covid-19) পৰিস্থিতিৰ বুজ লয় ।

শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) দিগন্ত বৈশ্য, অতিৰিক্ত উপায়ুক্ত(ADC) দ্বয় সত্যজিত চেতিয়া, বন্তি তালুকদাৰ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জে আহমেদ, সদৰ মহকুমাধিপতি দিপ্তী মৰাঙ, ৰাজহ চক্ৰ বিষয়া(Circle officer) কবিতা ডেকা, ঢেকিয়াজুলি খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ ডাঃ অনুৰাধা বৰুৱা, জিলা তথ্য আৰু জনসংযোগ বিষয়া, ঢেকিয়াজুলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে আন বিষয়াসকল উপস্থিত থাকে ।

শোণিতপুৰ জিলাৰ শীৰ্ষ বিষয়া সকলৰ সৈতে ৰাজেন্দ্ৰ প্ৰষাদ

বৃহস্পতিবাৰৰ পৰ্যালোচনাৰ অংশ হিচাপে প্ৰধান সচিব গৰাকীয়ে শোণিতপুৰ জিলাত আৰু বিশেষকৈ ঢেকিয়াজুলি ৰাজহ চক্ৰত যোৱা ১০ দিনত স্বাস্থ্য বিভাগে কৰা ৰেট পৰীক্ষা(RAT) আৰু ক'ভিড (Covid-19) সংক্ৰমণৰ হাৰৰ বিষয়ে বিতংভাৱে বুজ লয় ।

সভাত প্ৰধান সচিব গৰাকীয়ে, উপস্থিত সকলো বিষয়াকে উচ্চ হাৰত ক'ভিড সংক্ৰমণ হোৱা এলেকাসমূহ চিনাক্ত কৰিবলৈ নিৰ্দেশ দিয়ে । ইয়াৰ উপৰিও, তেখেতে ৰাজহ চক্ৰ বিষয়া আৰু স্থানীয় থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ক'ভিড বিধি আৰু সান্ধ্য আইন ভংগ কৰা লোকৰ বিৰুদ্ধে আইনগতভাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দি কয় যে কেৱল আইন বলৱৎ কৰিহে জিলাখনৰ ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব পৰা যাব ।

লগতে, ক'ভিড বিধি উলংঘা কৰা লোকৰ ওপৰত জৰিমনা বিহিবলৈ আৰু তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ ৰাষ্ট্ৰীয় ঘাইপথ(NH)ত পৰ্যাপ্ত তালাচীৰ ব্যৱস্থা কৰি ঘাইপথেদি চলাচল কৰা যানবাহনৰ যাৱতীয় অনুজ্ঞাপত্ৰ আছে নে নাই সেই দিশতো চোকা দৃষ্টি ৰাখিবলৈও নিৰ্দেশ দিয়ে । জিলাখনৰ ভিতৰুৱা অঞ্চলত ক'ভিড বিধি বলবৎ কৰাৰ ক্ষেত্ৰত স্থানীয় লাট মণ্ডল, গাঁওবুঢ়া, ভি.ডি.পি., পঞ্চায়ত প্ৰতিনিধি সকলক নিয়োগ কৰিবলৈও প্ৰধান সচিব গৰাকীয়ে পৰামৰ্শ আগবঢ়ায় ৷

লগতে পঢ়ক :অসমৰ গ্ৰাম্য জীৱনৰ পৰা হেৰাই যাব গাঁওবুঢ়া শব্দ

Last Updated : Jul 9, 2021, 1:00 PM IST

ABOUT THE AUTHOR

...view details