তেজপুৰ, 24 আগষ্ট: Geological Survey of Indiaই শেহতীয়াকৈ ভূমিস্খলনৰ পূৰ্বে অনুমান কৰিব পৰা বিষয়ৰ ওপৰত সম্পন্ন কৰিছে এক পৰীক্ষা । GSIয়ে এই গৱেষণাৰ প্ৰথম অৱস্থাত দাৰ্জিলিং, তাৰপাচত ক্ৰমে পশ্চিম বংগৰ নীলগিৰি আৰু তামিলনাডুত সম্পন্ন কৰে ।
উল্লেখ্য যে, বাৰিষাৰ সময়ছোৱাত সাম্ভাব্য অঞ্চলত হ’ব পৰা প্ৰৱল ভূমিস্খলনৰ প্ৰতি লক্ষ্য ৰাখি কয়লা আৰু খনিজ পদাৰ্থ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই তথ্য ছ’চিয়েল মিডিয়াযোগে প্ৰকাশৰ কথা GSIয়ে জানিবলৈ দিয়ে । পৰৱৰ্তী সময়ত GSIৰ GHRM ডিভিজনৰ সঞ্চালক ড৹ চিবাল ঘোষে কয় যে, ‘‘অন্য উন্নয়নশীল দেশত যিদৰে আগতীয়াকৈ ভূমিস্খলনৰ উমান পোৱা যায় আৰু তাৰ প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰা হয়, ঠিক সেইদৰে GSIয়ে ভাৰত তথা আন্তঃৰাষ্ট্ৰীয় ইউৰোপত ‘লেণ্ডশ্লিপ’ নামৰ এক গৱেষণা কৰি লেণ্ডছকেপ আৰু জলবায়ু সম্পৰ্কে গৱেষণা কৰি আহিছে ’’ ।
লগতে তেওঁ কয় যে, ভাৰতৰ 16 খন পাহাৰীয়া ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত ৰাজ্য হিমালয়ৰ পাদদেশত অৱস্থিত ৷ লগতে হিমালয়ৰ কিছু নামনিত আছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য আৰু পশ্চিম ঘাটৰ অংশ প্ৰৱল ভূমিস্খলন প্ৰৱণ অঞ্চল হিচাপে চিহ্নিত কৰা হৈছে । এই ভূমিস্খলন প্ৰৱণ ঠাইৰ 12.6% খহনীয়া এলেকা (4.2 লাখ বৰ্গ কিল'মিটাৰ)ত 170 খন জিলা সামৰি লোৱা হৈছে বুলি GSI য়ে এক বিবৃত্তিত প্ৰকাশ কৰে । এই সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয়ভাৱে কাম কৰি থকা হৈছে ৷