অসম

assam

ETV Bharat / state

অৰুণাচললৈ কাৰ্গো বিমানেৰে চিকিৎসা সামগ্ৰী প্ৰেৰণ - Govt sent to medicine arunachal by cargo flight

অৰুণাচল প্ৰদেশলৈ ভাৰতীয় বায়ুসেনা বাহিনীৰ বিশেষ কাৰ্গো বিমানত চিকিৎসা সামগ্ৰী প্ৰেৰণ ৷ তাৰোপৰি ৰাজ্যখনৰ দুৰ্গম অঞ্চলত হেলিকপ্তাৰযোগে খাদ্য সামগ্ৰী বিতৰণ কৰা হয় বুলি টুইটযোগে প্ৰকাশ কৰে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ।

অৰুণাচল প্ৰদেশ
অৰুণাচললৈ কাৰ্গো বিমানেৰে চিকিৎসা সামগ্ৰী প্ৰেৰণ

By

Published : Apr 1, 2020, 10:15 PM IST

তেজপুৰ, ১ এপ্ৰিলঃ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে বৃহস্পতিবাৰে এক টুইটযোগে ঘোষণা কৰে যে, ৰাজ্য খনত বৃহস্পতিবাৰৰ দিনটোত ১৯ গৰাকী লোকৰ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পৰীক্ষা কৰা হৈছে ৷ ইয়াৰ ভিতৰত ১৯ জন লোকৰে নিগেটিভ পোৱা গৈছে ৷ ৰাজ্য খনত বিভিন্ন সময়ত বহিঃৰাজ্য আৰু বিদেশৰ পৰা অহা লোকৰ এই পৰীক্ষা কৰা হয় ৷ বৃহস্পতিবাৰে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সূত্ৰই ৷

অৰুণাচললৈ কাৰ্গো বিমানেৰে চিকিৎসা সামগ্ৰী প্ৰেৰণ

আনহাতে, খাণ্ডুৱে আন এক টুইটযোগে জনায় যে, পাহাৰীয়া ৰাজ্য খনলৈ চিকিৎসা সামগ্ৰী কঢ়িওৱা দ্বিতীয় খন বিমান ৩০ মাৰ্চত গুৱাহাটীৰ বিমান বন্দৰত অৱতৰণ কৰাৰ পাচত ৩১ মাৰ্চত ভাৰতীয় বায়ুসেনা বাহিনীৰ বিশেষ কাৰ্গো বিমানৰে চিকিৎসা সামগ্ৰী ডিব্ৰুগড় বিমান বন্দৰত অৱতৰণ কৰা হয় ৷

অৰুণাচললৈ কাৰ্গো বিমানেৰে চিকিৎসা সামগ্ৰী প্ৰেৰণ

ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰদেশখনৰ বিজয়নগৰকে ধৰি দুৰ্গম অঞ্চলসমূহত হেলিকপ্তাৰেৰে খাদ্য সামগ্ৰী বিতৰণ কৰে । প্ৰদেশ খনৰ বিজয়নগৰৰ মায়োত, ভাৰত ম্যানমাৰ সীমান্তত পাব্লিক ড্ৰিষ্টিউবিচনৰ যোগেদি অত্যাৱশ্যকীয় সামগ্ৰী পাহাৰীয়া অঞ্চললৈ প্ৰেৰণ কৰাৰ কথা মুখ্যমন্ত্ৰী গৰাকীয়ে টুইটত প্ৰকাশ কৰে ৷

অৰুণাচললৈ কাৰ্গো বিমানেৰে চিকিৎসা সামগ্ৰী প্ৰেৰণ

ABOUT THE AUTHOR

...view details