তেজপুৰ, ২৮ ফেব্ৰুৱাৰী :সমাগত বিধানসভাৰ নিৰ্বাচনত আৱাত গোর্খাই ল’ব বিশেষ ভূমিকা । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গোর্খা কোষৰ সাধাৰণ সম্পাদক ওম প্ৰকাশ বস্নেতে দেওবাৰে এক সংবাদমেলৰ আয়োজন কৰি দাবী কৰা এই কথা ৷ ওম প্ৰকাশ বস্নেতে সংবাদমেলত কয় যে, অসমৰ গোর্খাসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বিজেপি চৰকাৰ মুঠেই আগ্ৰহী নহয় । অসমত মুঠ 25 লাখ গোর্খা ভোটাৰ আছে আৰু তেওঁলোক সকলো ঠাইতে সিঁচৰতি হৈ আছে যদিও 15 তাতকৈ অধিক বিধানসভা সমষ্টিত গোর্খা ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে । বৰচলা, বিহালি, নাওবৈছা, তামুলপুৰ, মাৰ্ঘেৰিটা, গহপুৰ, তিনিচুকীয়া, শদিয়া, ডিগবৈ, ছয়খোৱা আদি সমষ্টিৰ পৰা ইতিমধ্যে কেইবাবাৰো গোর্খা প্ৰাৰ্থী অসম বিধানসভালৈ নিৰ্বাচিত হৈছে । সেইদৰে মাজবাট, চতিয়া, দিছপুৰ, আদি সমষ্টিৰ পৰাও গোর্খা প্ৰাৰ্থী জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি কংগ্ৰেছ কমিটিৰ গোর্খা কোষৰ সাধাৰণ সম্পাদকগৰাকীয়ে সংবাদমেলত মন্তব্য কৰে ।
বিধানসভা নিৰ্বাচনত গোৰ্খাসকলে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব: ওম প্ৰকাশ বস্নেত - Gorkha Congress
এন আৰ চি জৰিয়তে গোর্খাসকলক বাংলাদেশী সজাবলৈ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে চেষ্টা চলালে বুলিহে গুৰুতৰ অভিযোগ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গোর্খা কোষৰ সভাপতি খেমৰাজ ছেত্ৰীয়ে ৷
তেওঁ লগতে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰিবলৈ বিজেপি চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠন কৰা সমিতিয়ে প্ৰস্তুত কৰা প্ৰতিবেদনৰ অন্তৰ্নিহিত ৰহস্যৰ বিষয়ে জানিব পাৰি অসমৰ গোর্খা ভৰিৰ তলৰ মাটি নোহোৱা হৈছে বুলি উল্লেখ কৰে ৷ কাৰণ এই প্ৰতিবেদনত গোর্খাসকলৰ নাম উল্লেখ কৰা নহ’ল । তদুপৰি বিজেপি চৰকাৰে প্ৰস্তুত কৰা এন আৰ চি প্ৰক্ৰিয়াত অসমৰ গোর্খাসকলে বিভিন্ন হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে । আনহাতে কংগ্ৰেছৰ চৰকাৰে গঠন কৰি দিয়া গোর্খা উন্নয়ন পৰিষদক বিগত পাঁচ বছৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰিলে বুলি অভিযোগ কৰে ওম প্ৰকাশ বস্নেতে । তেওঁ লগতে এইবাৰ নতুনকৈ অন্তৰ্ভুক্ত হোৱা গোর্খা কংগ্ৰেছ কোষত প্ৰদেশ কংগ্ৰেছে সন্নিবিষ্ট কৰি গোর্খাক মৰ্যাদা ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বুলি জানিবলৈ দিয়ে । আনহাতে কোষৰ সভাপতি খেমৰাজ ছেত্ৰীয়ে এন আৰ চি জৰিয়তে গোর্খাক বাংলাদেশী সজাবলৈ চেষ্টা চলালে বুলিহে গুৰুতৰ অভিযোগ কৰে ।
লগতে পঢ়ক :ৰাষ্ট্ৰীয় সংবাদ মাধ্যম মোডী আৰু বিজেপিৰ জেপত: প্ৰদ্যুৎ বৰদলৈ