অসম

assam

ETV Bharat / state

Manipur Violence : মণিপুৰ পাহাৰীয়া কোক্তক অঞ্চলত গুলিচালনাৰ ঘটনা; তিনি নিৰীহৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ - মণিপুৰৰ চুৰাচান্দপুৰ

মণিপুৰৰ চুৰাচান্দপুৰ আৰু বিষ্ণুপুৰ জিলাৰ সীমান্তত কংভাই আৰু কোক্তক অঞ্চলত সোমবাৰেও অব্যাহত আছে গুলিয়াগুলি ৷ কোক্তক অঞ্চলত সোমবাৰে পুৱাৰ পৰা গুলিচালনা সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে স্থানীয় সূত্ৰৰ পৰা ৷

Manipur Violence
তিনি নিৰীহৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ

By

Published : Aug 7, 2023, 10:53 PM IST

তিনি নিৰীহৰ মৃত্যুৰ ন্যায় বিচাৰি মণিপুৰত প্ৰতিবাদ

তেজপুৰ, 7 আগষ্ট : মণিপুৰৰ চুৰাচান্দপুৰ আৰু বিষ্ণুপুৰ জিলাৰ সীমান্তত কংভাই আৰু কোক্তক অঞ্চলত আজিও অব্যাহত আছে গুলীয়াগুলী ৷ কাংভাইস্থিত এটি অসম ৰাইফলছৰ শিবিৰৰ সমীপত কোক্তক অঞ্চলত সোমবাৰে পুৱাৰ পৰা গুলিচালনা সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে স্থানীয় সূত্ৰৰ পৰা ৷ উল্লেখ্য যে, এই ভয়াৱহ গুলিচালনা ঘটনাৰ আজি পঞ্চম দিন ।

দেওবাৰে বিয়লিৰ পৰা বৰ্তমান সময়লৈকে গুলিৰ শব্দত ৰজনজনাই আছে অঞ্চলটো ৷ ফলত সাধাৰণ লোকৰ জীৱন-যাপনৰ প্ৰতি ভাবুকি আহি পৰিছে ৷ অৱশ্যে মণিপুৰ আৰক্ষীয়ে এই বিষয়ে কোনো তথ্য সদৰী কৰা নাই ৷ এই অঞ্চলত গুলিচালনা ঘটনাৰ সূত্ৰপাত হৈছিল বৃহস্পতিবাৰে ৷ কুকি জনগোষ্ঠীয়ে আয়োজন কৰা সামূহিক সমাধিৰ বাবে হাজাৰ হাজাৰ লোকে চাৰিওফালৰ পৰা এই অঞ্চললৈ যাবলৈ আৰক্ষীৰ বেহু ভাঙি প্ৰবেশৰ চেষ্টা চলাইছিল ৷ সেই অঞ্চলত সেনা আৰু আৰ এ এফৰ গুলিচালনাৰ পিছতে শতাধিক লোকে ২য় এম আৰ আৰু ৭ম এম আৰ বেটেলিয়নত 300 তকৈও অধিক অস্ত্ৰ কাঢ়ি নিয়াৰ পিছত শুকুৰবাৰে আৰক্ষীৰ অভিযান চলে ৷

আনহাতে এই পৰিস্থিতিত মণিপুৰ ইম্ফল ৱেষ্ট জিলাৰ চেঞ্জাম চিৰাং (Senjam Chirang ) নামৰ আৰক্ষীৰ লোকজনৰ মৃত্যু হয় ৷ তিনিজন সাধাৰণ লোকৰ মৃত্যু ঘটনাৰ পিছত সষ্টম হৈছে সুৰক্ষা বাহিনীৰ লোক ৷ আনহাতে ৫ আগষ্টত ঘৰত শুই থকা তিনিজন নিৰীহ মেইটেইৰ জঘন্য হত্যাকাণ্ডক গ্ল’বেল মণিপুৰ ফেডাৰেচনে তীব্ৰ গৰিহণা দিছে ৷ কোৱাকতাত চিন কুকি উগ্ৰপন্থীয়ে নিৰস্ত্ৰ সাধাৰণ নাগৰিকক হত্যা আৰু নিৰ্যাতন চলোৱা কাৰ্যই সকলোকে স্তম্ভিত কৰি তুলিছে বুলি উল্লেখ কৰে তেওঁলোকে ৷

তেওঁলোকে কয় যে যোৱা ৫ আগষ্টত মণিপুৰৰ কোৱাকতাত চিন কুকি উগ্ৰপন্থীয়ে তিনিজন নিৰীহ মেইটেইক তেওঁলোকৰ ঘৰত নিৰ্মমভাৱে হত্যা কৰা ঘটনাক তীব্ৰ গৰিহণা দিছে গ্ল’বেল মণিপুৰ ফেডাৰেচনে ৷ জিএমএফে আন্তঃৰাষ্ট্ৰীয় সজাগতা আৰু হস্তক্ষেপৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্ব সম্প্ৰদায়ক এই নিন্দনীয় অপৰাধৰ গুৰুত্ব স্বীকাৰ কৰিবলৈ আহ্বান জনাইছে ৷ তেওঁলোকে এই বিষয়ে দাবী উত্থাপন কৰি কয় যে, ফেডাৰেচনে ভুক্তভোগী আৰু তেওঁলোকৰ শোকগ্ৰস্ত পৰিয়ালৰ বাবে তাৎক্ষণিক, নিৰপেক্ষ আৰু কাৰ্যক্ষম ন্যায়ৰ দাবী জনাইছে ৷ জি এম এফে এনে হিংসা ৰোধৰ ক্ষেত্ৰত নৱম অসম ৰাইফলছৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি ঘটনাটোত তেওঁলোকৰ ভূমিকা সম্পৰ্কে পুংখানুপুংখ তদন্তৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক :Special Manipur Assembly session : হিংসাজৰ্জৰ মণিপুৰত বিধানসভাৰ বিশেষ অধিবেশন অৰ্থহীন হ'ব নেকি ?

ABOUT THE AUTHOR

...view details