তেজপুৰ,১৪ মে' :তেজপুৰৰ অৰিমৰা চাপৰিৰ ব্ৰহ্মপুত্ৰৰ পানী জুৱলিত যোৱা 7 মে'ত ক্ষত-বিক্ষত অৱস্থাত পোৱা গৈছিল যুৱ ব্যৱসায়ীৰ ঘনশ্যাম বৈশ্যৰ মৃতদেহ । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 302/ 201/34 ধাৰাৰ অধীনত তেজপুৰ নদী আৰক্ষীত এটা গোচৰ ৰুজু কৰিছিল ।
কিন্তু আশ্চৰ্যজনকভাৱে তেজপুৰ চহৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী মতি সিপানী আৰু তেওঁৰ পুত্ৰ তথা তেজপুৰ পৌৰ সভাৰ বিজেপি দলৰ প্ৰাক্তন ৱাৰ্ড কমিছনাৰ ঋষভ সিপানীলৈ ঘনশ্যাম হত্যাৰ সন্দেহৰ আঙুলি উঠিছে । পৰিয়ালৰ সূত্ৰত প্ৰকাশ যে ৰাজনৈতিক ছত্ৰছাঁয়াত অধিষ্ঠিত সিপানীৰ লগত বৈশ্যৰ পৰিয়ালৰ ৰাজনৈতিক মতবিৰোধৰৰ লগতে সীমা বিবাদ আছিল ৷ পূৰ্বতে সূত্ৰপাত হোৱা কাজিয়াত আৰক্ষীৰ কাষ চাপিব লগীয়া হৈছিল বৈশ্য আৰু পৰিয়াল ৷ অভিযোগ অনুসৰি ঘনশ্যাম বৈশ্য আৰু পৰিয়ালক সিপানীয়ে নিজৰ ব্যক্তিগত অস্ত্ৰ দেখুৱাই মৃত্যুৰ ভাবুকি দিছিল ।